দেৱালী হিন্দু ধৰ্মৰ এক অন্যতম উৎসৱ। কাতি মাহৰ পূৰ্ণিমাত প্ৰতি বছৰে এই পোহৰৰ উৎসৱ দেৱালী উদযাপন কৰা হয়। এই বছৰো ২৪ অক্টোবৰত সমগ্ৰ দেশতে দেৱালী উদযাপন কৰা হ’ব।এই দেৱালী উপলক্ষে লক্ষ্মী আৰু গণেশক উপাসনা কৰা হয়।
ভাৰতত বাস কৰা লোকসকলৰ বাবে, দেৱালীৰ অৰ্থ হৈছে চাকি , ফটকা, পূজা আৰু ব্যঞ্জনৰ আদিৰে এক আনন্দমুখৰ তথা পোহৰমুখী পৰিবেশৰ সৃষ্টি কৰা ।কিন্তু বহুতেই হয়তো নাজানে যে ভাৰতবৰ্ষৰ বাহিৰেও বিশ্বৰ আন দেশতো দেৱালী উৎসৱ উদযাপন কৰা হয় ৷ সেই দেশবোৰে তেওঁলোকৰ নিজা ধৰণে এই দেৱালী উদযাপন কৰে।
ভাৰতৰ গাতে লাগি থকা নেপাল তেনে এখন দেশ ৷ নেপালতো দেৱালী উৎসৱ উদযাপন কৰা হয়। নেপালত দীপাৱলী উৎসৱক ‘স্বন্তী’ বুলি কোৱা হয়। ই এটা পাঁচ দিনীয়া উৎসৱ, য’ত প্ৰথম দিনটোত কাউৰী আৰু দ্বিতীয় দিনটোত কুকুৰক খুউৱা হয় । তৃতীয় দিনা দেৱী লক্ষ্মীক পূজা কৰা হয়। চতুৰ্থ দিনটো নৱবৰ্ষৰ দৰে উদযাপন কৰা হয় আৰু তাৰ পিছত পঞ্চম দিনটোত উদযাপন কৰা হয় ভাই টিকা উৎসৱ হিচাপে যাক ভাৰতত ভাই দুজ বুলিও কোৱা হয়।
আনহাতে মালয়েছিয়া আৰু ছিংগাপুৰতো উদযাপিত হয় দেৱালী ৷ ইয়াৰ উপৰিও, ছিংগাপুৰত দেৱালী উপলক্ষে চৰকাৰী বন্ধ দিয়া হয় । লগতে এই উৎসৱ উদযাপনৰ অংশ হিচাপে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়।
আপুনি জানি আচৰিত হ’ব যে শ্ৰীলংকাতো দেৱালী উদযাপন কৰা হয়। যেতিয়া ভগৱান ৰাম ৰাৱণক হত্যা কৰি অযোধ্যাত উপস্থিত হৈছিল, ৰাজ্যখন লক্ষ লক্ষ চাকিৰে আলোকিত হৈছিল। তামিল সম্প্ৰদায়ৰ লোকসকলে দেৱালীত তেলস্নান কৰে আৰু নতুন কাপোৰ পিন্ধে আৰু ‘পোচাই’ অৰ্থাৎ উপাসনা কৰে।
ফ্লৰিডাত দেৱালী ভাৰতৰ দেৱালীৰ দৰেএকে কিন্তু ইয়াৰ কোনো ধৰ্মীয় সম্পৰ্ক নাই। আমি আপোনাক কওঁ যে প্ৰতি বছৰে ৩১ অক্টোবৰৰ পৰা ১ নৱেম্বৰৰ ভিতৰত ইয়াত ‘সামহাইন উৎসৱ’ উদযাপন কৰা হয়, য’ত আতচবাজী কৰাও দেখা যায়।
আনহাতে বিশ্বৰ আন এখন অন্যতম ৰাষ্ট্ৰ থাইলেণ্ডতো দেৱালী উদযাপন কৰা হয়। ইয়াত দেৱালীক ‘লাম ক্ৰিয়েংঘ’ বুলি কোৱা হয়। থাইলেণ্ডত কলপাতৰ সৈতে চাকি বনাই ৰাতি এই চাকিবোৰ জ্বলাই নদীৰ পানীত উটুৱাই দিয়া হয় যাৰ ফলত সমগ্ৰ চহৰখন আলোকিত হৈ পৰে ।