অসমৰ আগশাৰীৰ স্বেচ্ছাসেৱী সংগঠন সমূহৰ ভিতৰত এক অন্যতম প্ৰতিষ্ঠিত স্বেচ্ছাসেৱী সংগঠন “নৱ-প্ৰভাত”।এই সংগঠনটোৱে বিগত ৭ টা বছৰে অনুসূচিত জাতিৰ সৰ্ব্বোচ্ছ সন্মান হিচাপে জাতিটোৰ একো একোগৰাকী মহান ব্যক্তি তথা মহিয়সী নাৰীক প্ৰদান কৰি আহিছে “অসম অনুসূচিত জাতি প্ৰাণ বঁটা”। আনহাতে ৰাজ্যখনৰ প্ৰশাসনিক,সাংস্কৃতিক,শৈক্ষিক,ব্যৱসায়িক,ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰখনত নিজ নিজ কৰ্মৰাজীৰে এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা জাতিটোৰ সম্পদ স্বৰূপ ব্যক্তিসকলক সমাজ,দেশ তথা ৰাষ্ট্ৰ নিৰ্মাণত তেওঁলোকৰ অৱদানৰ বাবে প্ৰতি বছৰে আগবঢ়াই আহিছে “অসম অনুসূচিত জাতি গৌৰৱ বঁটা,’অসম অনুসূচিত জাতি শিল্পী বটাঁ’ আৰু ‘অসম অনুসূচিত জাতি যুৱ-প্ৰতিভা বটাঁ” ।
এই সন্মান সমূহ প্ৰদান কৰাৰ উদ্দেশ্যে তথা পশ্চিমীয়া বহুজাতিক কোম্পানীৰ পশ্চিমীয়া বিদেশী সাঁজ পাৰৰ বিপৰীতে অসম,উত্তৰ-পূৰ্বাঞ্চলৰ থলুৱা পাত-মুগা-এৰি-খাদীকে আদি কৰি বিভিন্ন থলুৱা পৰম্পৰাগত সাঁজপাৰ আৰু থলুৱা অসমীয়া গহণা শিল্পক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰি এক সুকীয়া স্থান লাভ কৰাত সহায়ক হোৱাকে এখন বিশেষ মঞ্চ প্ৰদান কৰাৰ লক্ষ্য আৰু উদ্দেশ্যৰ লগতে নাৰী সৱলীকৰণৰ জৰিয়তে অসমৰ উঠি অহা নৱ-প্ৰজন্মক তথা ৰাইজক ফেশ্বন জগতৰ জৰিয়তে থলুৱা আৰু স্বদেশী বস্ত্ৰ পৰিধানৰ বাবে আকৰ্ষিত কৰাৰ উপৰিও এই থলুৱা শিল্পৰদ্বাৰা স্বাৱলম্বিতাৰ বাঁট মুকলি কৰোৱাৰ প্ৰচেষ্টাৰে সেয়েহে প্ৰতি বছৰৰ দৰে এইবেলিও অসমৰ প্ৰতিষ্ঠিত স্বেচ্ছাসেৱী সংগঠন “নৱ-প্ৰভাত” আৰু “নৱ-প্ৰভাত ইন্সিটিউত অৱ ফেশ্বন টেকনলজী (npift)”ৰ উদ্যোগত অহা ২০/১১/২০২২ তাৰিখ দেওবাৰে বিয়লি ২.৩০ বজাত গুৱাহাটী মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰস্থিত “শ্ৰীমন্ত শংকৰদেৱ আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহ”ত বাৰ্ষিক “এন্ধাৰৰ পৰা পোহৰলৈ বুলি…….” শীৰ্ষক এক ব্যতিক্ৰমী বটাঁ প্ৰদান অনুষ্ঠানৰ লগতে এক ব্যতিক্ৰমী সাংস্কৃতিক সমাৱেশ অনুষ্ঠান তথা অসমীয়া পৰম্পৰাগত সাঁজ-পাৰৰ এক অগতানুগতিক সৌন্দৰ্য্য প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
এইবেলি সন্মানীয় অসম অনুসূচিত জাতি প্ৰাণ বটাঁটি যুটীয়াভাৱে আগবঢ়াবলৈ লোৱা হৈছে অসমীয়া কলা-সংস্কৃতিৰ অন্যতম সাধক তথা অসম সাহিত্য সভাৰ মুল চিহ্ন অংকিত কৰা প্ৰয়াত যুগল দাসদেৱক(মৰণোত্তৰভাৱে ভাৱে) আৰু বৰ্ষীয়ান গীতিকাৰ,সুৰকাৰ তথা কণ্ঠশিল্পী নগাঁৱৰ শ্ৰীযুত সুয়েজ বৰদলৈদেৱক ।
আনহাতে বিশিষ্ট গীতিকাৰ,সুৰকাৰদ্বয় ক্ৰমে শ্ৰীযুত ডিম্বেশ্বৰ দাস,শ্ৰীযুত ভদ্ৰকান্ত দাস আৰু বিশিষ্ট নাট্যশিল্পী অভিনেত্ৰী শ্ৰীযুতা তৰুলতা দাসক “অসম অনুসূচিত জাতি শিল্পী বঁটা” আগবঢ়োৱা হৈছে ৷
লগতে ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰ প্ৰাপ্ত বিষয়া শ্ৰীযুত মলয় বৰা,কাৰাগাৰ সংস্কাৰমূলক ৰাষ্ট্ৰপতি বঁটা প্ৰাপক গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক শ্ৰীযুত গোবিন্দ মালাকাৰ আৰু অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ মুখ্য-অভিযন্তা শ্ৰীযুত ধীৰাজ শইকীয়াক “অসম অনুসূচিত জাতি গৌৰৱ বঁটা” তথা যুৱ পৰিচালক অৰুণাভ বৰুৱা দাসক “অসম অনুসূচিত জাতি যুৱ প্ৰতিভা বঁটা” আগবঢ়াৱলৈ লোৱা হৈছে৷
সেয়েহে উক্ত অনুষ্ঠানটোত ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে ‘নৱ প্ৰভাত’ৰ সভাপতি প্ৰবীণ বৈশ্য,এন.পি.আই.এফ.টিৰ সঞ্চালক শ্ৰী দেৱাশ্ৰী গগৈ ,নৱ-প্ৰভাতৰ সম্পাদিকা শ্ৰী ডেইজী বৈশ্য কলিতাকে আদি কৰি সংস্থাটোৰ বিষয়ববীয়া তথা সদস্য সকলে।