দিল্লীত আৱকাৰী নীতি ৰূপায়নত হোৱা অনিয়মৰ অভিযোগ সন্দর্ভত আজি চিবিআই-এ সোধাপোচা কৰে দিল্লীৰ উপ মুখ্যমন্ত্ৰী মণীষ ছিছোডিয়াক ৷ দিল্লীস্থিত কার্যালয়ত ছিছোডিয়াক সোধাপোচা কৰে তদন্তকাৰী সংস্থাটোৱে ৷ ইফালে নেতাজনক জেৰা কৰাৰ বিৰোধিতাৰে আপৰ শীর্ষ নেতা আৰু সদস্যসকলে তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ চিবিআইৰ কাৰ্যালয়ৰ বাহিৰত শতাধিক দলীয় কৰ্মী সমবেত হোৱাৰ পিছতে আৰক্ষীয়ে তেওঁলোকক আটক কৰি লৈ যায় ৷ আটক কৰাসকলৰ ভিতৰত দলৰ কেইবাগৰাকীও মহিলা কৰ্মীও আছে ৷
আনহাতে ছিছোডিয়াই তেওঁলৈ চিবিআাই-এ চমন জাৰি কৰা কার্য সন্দর্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় গুজৰাট নিৰ্বাচনৰ বাবে প্ৰচাৰ চলোৱাত বাধা দিয়াৰ বাবে বিজেপিৰ এয়া “পৰিকল্পনা” ৷ইয়াৰ অংশ হিচাপে তেওঁক গ্ৰেপ্তাৰ কৰাৰ ষড়যন্ত্ৰ কৰা বুলিও তেওঁ প্ৰকাশ কৰে ৷:
চিবিআইৰ কাৰ্যালয়লৈ যোৱাৰ পথত এটা ৰ’ডশ্ব’ উলিয়াই ছিছোডিয়াই মহাত্মা গান্ধীৰ স্মৃতিসৌধ ৰাজ ঘাটকে ধৰি আম আদমী পাৰ্টিৰ কৰ্মীসকলক সম্বোধন কৰে। দলৰ সাংসদ সঞ্জয় সিং আৰু বিধায়ক আতিশী আৰু সৌৰভ ভৰদ্বাজৰ দৰে আপৰ নেতাসকলৰ সৈতে “তিলক” অনুষ্ঠানৰ অন্তত ৫০ বছৰীয়া ছিছোডিয়াই ঘৰৰ পৰা ওলাই যায়। মাতৃয়ে আশীৰ্বাদ দিয়াৰ এটা ভিডিঅও তেওঁ শ্বেয়াৰ কৰে।
দলীয় কর্মীক সম্বোধন কৰি তেওঁ কয় -“মোৰ ঘৰত অভিযান চলাইছিল, তাৰ পৰা একো নাপালে ৷ মোৰ গাঁৱলৈ গৈছিল, কিন্তু তেওঁলোকে তাতো একো নাপালে। এতিয়া গুজৰাটত প্ৰচাৰ চলোৱাত বাধা দিবলৈ মোক গ্ৰেপ্তাৰ কৰাৰ পৰিকল্পনা কৰিছে। মই চি বি আই, ই ডিক ভয় নকৰো।” আনকি ভগত সিঙেও দেশৰ বাবে জেললৈ যাব লগা হৈছিল বুলি প্ৰকাশ কৰে তেওঁ।