বৰ্তমান সময়ত কেৱল ভাৰতবৰ্ষতে নহয় ,সমগ্ৰ বিশ্বৰ ফেশ্বন জগতত উজ্বলি উঠিছে এটি নাম,সংযুক্তা দত্ত ৷ অসমকন্যা সংযুক্তা দত্ত ৷ এইগৰাকী অসমকন্যাৰ ‘’পলাশ’’ৰ ৰেচমী মেখেলা চাদৰ পৰিধান কৰি এইবাৰ ৰেম্পত খোজ থ’লে এসময়ৰ জনপ্ৰিয় বলীউড অভিনেত্ৰী ভাগ্যশ্ৰীয়ে ৷
নব্বৈৰ দশকত এখন জনপ্ৰিয় হিন্দী ছবি ‘মেইনে প্যাৰ কিয়া’ত মুখ্য চৰিত্ৰ ৰূপায়ণ কৰি চলচ্চিত্ৰ প্ৰেমীসকলৰ মাজত বহুল ভাৱে সমাদৰ লাভ কৰা মোহময়ী অভিনেত্ৰী ভাগ্যশ্ৰী ৷ ছবিখনৰ যোগেদি যি সেইসময়ত দেশে-বিদেশে তীব্ৰ খলকণি তুলিবলৈ সক্ষম হৈছিল ৷ সেইগৰাকী মোহময়ী তথা বলীউডৰ জনপ্ৰিয় অভিনেত্ৰীয়ে দেওবাৰে বিশ্বৰ এগৰাকী আগশাৰীৰ ফেশ্যন ডিজাইনাৰ ,অসম কন্যা সংযুক্তা দত্তৰ ‘পলাশ’ৰ ৰেচমী মেখেলা চাদৰ পৰিধান কৰি ৰেম্পত খোজকঢ়া দৃশ্যই গৌৰৱান্বিত কৰিলে অসমবাসীক ৷
উল্লেখনীয় যে অশেষ কষ্ট আৰু ত্যাগৰ বিনিময়ত বিশ্ব দৰবাৰত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা অসমকন্যা সংযুক্তা দত্তৰ এই সফলতাই সঁচাকৈয়ে হৃদয় চুইছে অসমবাসী ৰাইজৰ ৷ সামাজিক মাধ্যম নাইবা সংবাদ মাধ্যমৰ যোগেদি সেয়েহে ভাইৰেল হৈ পৰিছে বলীউড অভিনেত্ৰী জয়শ্ৰীয়ে মেখেলা-চাদৰ পিন্ধি ৰেম্পত খোজ কঢ়াৰ আকৰ্ষণীয় দৃশ্য ৷