ভাৰতবৰ্ষৰ এজন অন্যতম উদ্যোগপতি আনন্দ মহিন্দ্ৰাই সামাজিক মাধ্যম টুইটাৰত শেহতীয়াকৈ আপলোড কৰা এটা ভিডিঅ’ই সকলোকে আচৰিত কৰিছে।প্ৰকৃততে, তেওঁ তেওঁৰ টুইটাৰ একাউণ্টৰ পৰা এনে এটা ঘৰৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে যিটো ঘৰ সম্পূৰ্ণৰূপে মাটিৰ তলত নিৰ্মাণ কৰা হৈছে। মুম্বাইৰ ওচৰত অৱস্থিত এই ঘৰটোৰ ছবি আৰু ভিডিঅ’ সামাজিক মাধ্যমত বৰ্তমান ভাইৰেল হৈ পৰিছে।
আনন্দ মহিন্দ্ৰাই তেওঁৰ টুইটাৰ হেণ্ডেলৰ পৰা শ্বেয়াৰ কৰা এই ঘৰটোৰ এক বিশেষত্ব আছে । ভিডিঅ’টোত, পাহাৰৰ মাজত এটা ঘৰ নিৰ্মাণ কৰা দেখা গৈছে। আনহাতে এই ঘৰটো সম্পূৰ্ণৰূপে ভূগৰ্ভস্থ (মাটিৰ তলত)। ঘৰটো মুম্বাইৰ ওচৰৰ মুৰবাদ নামৰ ঠাইত সেউজীয়া সহ্যদ্ৰী পাহাৰৰ মাজত বিশেষ ভাৱে নিৰ্মাণ কৰা হৈছে এই ঘৰটো ৷
এই ঘৰটোৰ নাম ‘কেচৰষ্টেজ আসাঞ্জা’। নিউজিলেণ্ডৰ হবিট হোমছৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে এই বিশেষ ঘৰটো । মুম্বাইৰ পৰা প্ৰায় ২.৫ কিলোমিটাৰ দূৰত অৱস্থিত এই ঘৰটো ছাঁদৰ পৰা দেৱাললৈকে সম্পূৰ্ণৰূপে ভূগৰ্ভস্থ। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে এই ঘৰটোত পোহৰ সোমাবৰ বাবে খিৰিকীও আছে। এই খিৰিকীবোৰৰ পৰা বাহিৰত সুন্দৰ দৃশ্যও উপভোগ কৰিব পাৰি।
আনন্দ মহিন্দ্ৰাই ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে যে এই ঘৰটো অতি আকৰ্ষণীয়। ইয়াৰ ডিজাইন সাংঘাতিক। উৎকৃষ্ট জলবায়ু নিয়ন্ত্ৰণৰ পৰিপ্ৰেক্ষিতত এই ঘৰটো যিধৰণে নিৰ্মাণ কৰা হৈছে এইটো ক’ব পাৰি যে ভৱিষ্যতেও এনে ঘৰ থাকিব আৰু ভৱিষ্যতে এনে ঘৰৰ প্ৰয়োজন হ’ব। কাৰণ কৰ’ণা মহামাৰীৰ পিছৰপৰা সমগ্ৰ বিশ্বৰ লোকসকলে এক অনন্য আৰু আকৰ্ষণীয় অভিজ্ঞতাৰ সন্ধান কৰিছে ।
Fascinating. A very ‘cool’ design, and I use that word in a literal sense too, given the efficient climate control enabled by the mode of construction! This is the future of hospitality, since people are looking for unique and exotic experiences in our post-pandemic world… pic.twitter.com/3xnz8hzPGl
— anand mahindra (@anandmahindra) October 13, 2022