আজি বিশিষ্ট সাহিত্যিক তথা ভাষাবিদ কালিৰাম মেধিৰ ওপজা দিন । ১৮৭৮ চনৰ আজিৰ দিনটোতে কামৰূপ জিলাৰ ৰামদিয়া গাঁৱত তেওঁৰ জন্ম হৈছিল । ১৯০৩ চনত পদাৰ্থ বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি পৰৱৰ্তী সময়ত তেওঁ জিলা উপায়ুক্তও হয় । চৰকাৰে তেওঁক বিশেষ দণ্ডাধীশ হিচাপেও নিযুক্তি দিছিল । ১৯৪৬ চনত ব্ৰিটিছ চৰকাৰে তেওঁক ‘ৰায়বাহাদুৰ’ খিতাপ প্ৰদান কৰিছিল । ১৯০৩ চনত ‘জোনাকী’ত প্ৰকাশ পোৱা ‘প্ৰলয়’ নামৰ প্ৰবন্ধ এটাৰে তেওঁ সাহিত্যিক জীৱনৰ আৰম্ভণি কৰে । পিছলৈ আসাম বান্ধৱ, বাঁহী, চেতনা, জয়ন্তী, ৰামধেনু আদি কাকত-আলোচনীত তেওঁৰ হেলীৰ নেজাল তৰা, পৃথিৱী, সূৰ্য, আয়ন আৰু বৈদ্যুতিক পৰমাণু, অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব, কৌটিল্যৰ সময়ৰ প্ৰাগজ্যোতিষ আদি প্ৰবন্ধ প্ৰকাশ পায় । তেওঁৰ প্ৰকাশিত গ্ৰন্থসমূহৰ ভিতৰত অসমীয়া ভাষাৰ মূল, অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব, অসমীয়া প্ৰাথমিক প্ৰাকৃতিক বিজ্ঞান, Origin of the Assamese Dramas আদি অন্যতম । তেওঁ কামৰূপ অনুসন্ধান সমিতিৰ মুখপত্ৰ The Journal of the Assam Research Societyৰ সম্পাদক আছিল । তেওঁ সমিতিৰ সভাপতিও হৈছিল । ১৯১৯ চনত বৰপেটাত অনুষ্ঠিত অসম সাহিত্য সভাৰ তৃতীয় অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । সাহিত্যিক তথা ভাষাবিদগৰাকীলৈ আমাৰ প্ৰণাম ।