২০২২-২৩ বর্ষৰ বাবে মুঠ ছয়বিধ শস্যৰ ন্যুনতম সমর্থিত মূল্য বৃদ্ধি কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে ঘোষণা কৰা অনুসৰি ঘেঁহুৰ ১১০ টকা, বাৰ্লিৰ ১০০টকা , বুটৰ ১০৫ টকা, মচুৰ ৫০০, সৰিয়হৰ ৪০০ টকা আৰু ন্যূনতম সমর্থিত মূল্য বৃদ্ধি কৰা হৈছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট কমিটিয়ে ন্যুনতম সমর্থিত মূল্য বৃদ্ধিত অনমোদন দিছে ।
উল্লেখ্য যে নূন্যতম সমৰ্থন মূল্য হ’ল চৰকাৰে কৃষকৰ পৰা শস্য ক্ৰয় কৰা মূল্য ৷বৰ্তমান চৰকাৰে ২৩ বিধ খাৰিফ আৰু ৰবি শস্যৰ বাবে ন্যুনতম সমর্থিত মূল্য নিৰ্ধাৰণ কৰে। ঘেঁহু আৰু সৰিয়হ হৈছে প্ৰধান ৰবি শস্য।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত গঠিত কেবিনেট কমিটি অন ইকনমিক এফেয়াৰ্ছৰ এখন বৈঠকত এম এছ পি (নূন্যতম সমৰ্থন মূল্য) বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
অক্টোবৰ মাহত খাৰিফ (গ্ৰীষ্মকালীন) শস্য চপোৱাৰ কিছু সময়ৰ পিছতে ৰবি (শীতকালীন) শস্য সিঁচা হয়। মূল ৰবি শস্য দুটা হ’ল ঘেঁহু আৰু সৰিয়হ। ২০২১–২০২২ বৰ্ষত প্ৰতি কুইণ্টলত ঘেঁহুৰ নূন্যতম সমৰ্থন মূল্য আছিল ২,০১৫ টকা ৷