পৃথিৱীৰ আটাইতকৈ ধুনীয়া গছবোৰৰ ভিতৰত অন্যতম গছ উইষ্টেৰিয়া ৷ এই গছজোপা দেখিলে এনে লাগে যেন আমি এতিয়াও কল্পনাৰ পৃথিৱীখনতে আছোঁ ৷
জাপানৰ এক অমূল্য সম্পদ এই উইষ্টেৰিয়া । চেৰী ফুলৰ দেশ জাপানৰ এই উইষ্টেৰিয়াৰ সৌন্দৰ্য্যই বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহক আকৰ্ষিত কৰি আহিছে । জাপানৰ ৰাজধানী টকিঅ’ৰ পৰা উত্তৰ দিশত প্ৰায় ৭৫ মিনিটৰ দূৰত্বত থকা আশিকাগা ফ্লাৱাৰ পাৰ্কৰ মাজভাগত থকা এই উইষ্টেৰিয়া গছ যথেষ্ট জনপ্ৰিয়। টকিঅ’ৰ এই উদ্যানখন বহুলোকৰ বাবে যেন এক সপোনপুৰীহে । বসন্তকালত বিভিন্ন ৰঙৰ সমাহাৰ ঘটা এই উইষ্টেৰিয়া পৃথিৱীৰ ভিতৰতে আটাইতকৈ ধুনীয়া গছবোৰৰ ভিতৰত অন্যতম ধুনীয়া গছ ।
অনন্য শোভাৰ প্ৰায় এশ বছৰতকৈও অধিক পুৰণি এই গছজোপা জীয়াই থকাৰ আঁৰতো আছে এক কাহিনী ৷ কিয়নো লাহে লাহে মৃত্যুৰ ফালে গতি কৰা এই গছজোপা প্ৰায় বিশ বছৰ আগতে প্ৰকৃতিপ্ৰেমী উদ্ধাৰকাৰীসকলে টোচিগী চহৰৰ পৰা ইয়াৰ উপকণ্ঠত থকা ফুলৰ উদ্যানলৈ স্থানান্তৰিত কৰিছিল, যাতে ই বিকশিত হ’ব পাৰে আৰু ইয়াৰ ফুলৰ সম্পূৰ্ণ সৌন্দৰ্য প্ৰকাশ কৰিব পাৰে। প্ৰকৃতিপ্ৰেমী সকলৰ এই প্ৰচেষ্টাৰ বাবেই এতিয়া সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে আশিকাগা ফ্লাৱাৰ পাৰ্কৰ এই ধুনীয়া গছজোপা ৷