ম’হ -মাখি , পোক-পৰুৱা বা অন্য কিবা বস্তু কাণত সোমাই গ’লে অতি সোনকালে ব্যৱস্থা ল’ব লাগে নহ’লে কাণৰ বিষ বাঢ়ি গৈ অস্বস্তি হৈ থাকিব। আমাৰ শৰীৰৰ কাণ হৈছে এক গুৰুত্বপূৰ্ণ অংগ। অসাৱধানতাৰ বাবে নাইবা কাণ খজুৱাবলৈ গৈ কেতিয়াবা কাণৰ ভিতৰত কাঠি ভাঙি থাকিব পাৰে বা পোক-পৰুৱা আদি সোমাই যাব পাৰে । এনেকুৱা অৱস্থাত কাণ খোচা খোচি কৰিলে বেছি ভয়াবহ হ’ব পাৰে । তাৰ পৰিবৰ্তে অতি সোনকালে ডক্টৰৰ পৰামৰ্শ লোৱা উচিত।
১) কাণত পোক-পৰুৱা বা মাখি আদি কোনো জীৱ সোমালে , প্ৰথমতে কাণৰ ভিতৰত টৰ্চ মাৰিব লাগে। এনে কৰিলে টৰ্চৰ পোহৰত জীৱন্ত পোক-পৰুৱা থাকিলে পোহৰৰ প্ৰতি সংবেদনশীল হৈ বাহিৰলৈ ওলাই আহিব পাৰে।
২) কাণত কোনো পোক সোমালে প্ৰথমতে অলিভ অয়েল বা নাৰিকল তেল কেইটোপাল মান দিব লাগে। ইয়াৰ ফলত পোক-পৰুৱা মৰি যাব আৰু কাণৰ বিষ কমি আহিব। তাৰ পিছত বস্তুটো উলিয়াই আনিবলৈ ডক্টৰৰ ওচৰত যাব লাগে।
৩) কাণত কোনো জড় পদাৰ্থ সোমালে বাহিৰ কৰিবলৈ খোচা খোচি কৰিব নালাগে। তেনে কৰিলে কাণৰ পৰ্দা ফাটি যাব পাৰে। গতিকে এনে অৱস্থাত অতি সোনকালে ডক্টৰৰ পৰামৰ্শ ল’ব লাগে।
৪) কাণৰ ভিতৰত ম’হ বা মাখি সোমাই গ’লে এখন হাতেদি নাকটো বন্ধ কৰি আনখন হাতেৰে ভাল কাণ খন চেপি ধৰিব লাগে। এনে কৰিলে কেতিয়াবা কাণৰ ভিতৰত থকা পোক বাহিৰলৈ ওলাই আহে।