অৱশেষত ২৪ বছৰৰ অন্তত গান্ধী পৰিয়ালৰ বাহিৰৰ কোনো ব্যক্তি কংগ্ৰেছৰ সভাপতি হিচাপে নির্বাচিত হ’ল ৷ নিখিল ভাৰত কংগ্ৰেছ কমিটী চমুকৈ এআইচিচিৰ পৰৱর্তী সভাপতি হিচাপে নির্বাচিত হ’ল মল্লিকার্জুন খার্গে ৷ ভোটগণনাৰ অন্তত খার্গেক আজি সভাপতি নির্বাচনত জয়ী বুলি ঘোষণা কৰা হয় ৷ খার্গেই ৭,৮৯৭ টা ভোট লাভ কৰাৰ বিপৰীতে শশী থাৰুৰে মাত্ৰ ১০৭২ টা ভোট লাভ কৰে ৷
দিল্লীস্থিত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা এই গণনা সমাপ্ত হয় প্ৰায় ১ বজাত। সোমবাৰে অনুষ্ঠিত নিৰ্বাচনত ৯৯১৫ জন যোগ্য নেতাৰ ভিতৰত প্ৰায় ৯৬ শতাংশই ভোটদান কৰা বুলি কংগ্ৰেছে প্ৰকাশ কৰিছিল।
২০১৪ আৰু ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনত দলটোৰ একেৰাহে দুটা পৰাজয়ৰ দায়িত্ব স্বীকাৰ কৰি ৰাহুল গান্ধীয়ে পদত্যাগ কৰাৰ পাছত ছোনিয়া গান্ধীয়ে দলটোৰ অস্থায়ীভাৱে নেতৃত্ব দিয়ে ৷ ছোনিয়া গান্ধীয়ে দায়িত্ব লোৱাৰ তিনি বছৰৰ পাছত এই নিৰ্বাচন অনুষ্ঠিত হৈছে। শশী থাৰুৰৰ বিৰুদ্ধে গান্ধী পৰিয়ালৰ আনুগত্য হিচাপে খার্গে সভাপতি নির্বাচনত অৱতীর্ণ হৈছিল ৷