দুর্নীতিৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে ৷ উংকোচ লৈ এজনৰ পাছত আন এজন চৰকাৰী কর্মচাৰী আৰক্ষীৰ অতত গ্ৰেপ্তাৰ হৈছে ৷ এইবাৰ পুনৰ ঘোচ লৈ আৰক্ষীৰ জালত পৰিছে ডিব্ৰুগড়ৰ জিলা পৰিবহন বিষয়াৰ দুই কর্মচাৰী ৷ উৎকোচ গ্ৰহণৰ সময়তে হাতে লোটে গ্ৰেপ্তাৰ হয় কার্যালয়টোৰ কণিষ্ঠ সহায়ক পংকজ শইকীয়া আৰু দিতিমণি গগৈক ৷ ভিজিলেন্স আৰু দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে ডিব্ৰুগড়স্থিত ডিটিঅ’ কাৰ্যালয়ৰ পৰা দুয়োকে গ্ৰেপ্তাৰ কৰে ৷ পথ কৰ জমা লোৱাৰ নামত দুই কর্মচাৰীয়ে সংঘটিত কৰিছিল দুর্নীতি ৷
উল্লেখ্য যে শেহতীয়াকৈ দুর্নীতি নিবাৰকে উৎকোচ লোৱাৰ সময়তে কেইবাজনো চৰকাৰী কর্মচাৰীক গ্ৰেপ্তাৰ কৰিছে