এঘণ্টাত আপুনি কেইকাপ চাহ বনাই পাইছে ? নিশ্চয় আঙুলিৰ মুৰত লেখিব পৰা ৷ কিন্তু দক্ষিণ আফ্ৰিকাৰ এগৰাকী মহিলাই চাহ বনাই গঢ়িলে নতুন অভিলেখ ৷ এঘণ্টাৰ ভিতৰতে সৰ্বাধিক চাহ বনাই গিনিজ ৱৰ্ল্ড ৰেকৰ্ড কৰিলে উপাৰথালৰ ইংগাৰ ভেলেন্টিন নামৰ মহিলাগৰাকীয়ে ৷ বিশ্ব অভিলেখৰ প্ৰচেষ্টাৰ সময়ত তেওঁ দক্ষিণ আফ্ৰিকাৰ পৰম্পৰাগত ওষধি গুণযুক্ত চাহ বনাই প্ৰদর্শন কৰে ৷ এঘণ্টাৰ ভিতৰত ২৪৯ কাপ চাহ বনাই তেওঁ পূর্বৰ সকলো অভিলেখ ভংগ কৰে ৷
পূর্বে এঘণ্টাত সর্বাধিক ১৫০ কাপ চাহ বনায় অভিলেখ ৰচনা কৰিছিল ৷ ইয়াৰ বিপৰীতেমহিলা গৰাকীয়ে এঘণ্টাত ২৪৯ কাপ চাহ বনাবলৈ সক্ষম হয় ৷ অৰ্থাৎ তেওঁ প্ৰতি মিনিটত চাৰিকাপতকৈ অধিক চাহ বনাবলৈ সক্ষম হৈছিল ৷
গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ মতে, ইংগাৰে পৰ্যটন আৰু ৰুইবছ চাহৰ প্ৰচাৰৰ বাবে এই প্ৰচেষ্টা হাতত লৈছিল ৷ ২০১৮ চনৰ ডিচেম্বৰ মাহত হোৱা বনজুইয়ে এই চাহৰ সৈতে জড়িত উপাৰথাল সম্প্ৰদায়ৰ ব্যাপক ক্ষতিসাধন কৰিছিল ৷ বনজুইৰ ফলত ২০০ৰো অধিক লোকক গৃহহীন হৈ পৰে ৷