প্ৰকৃতাৰ্থত মানুহতকৈও বহুসময়ত অন্যান্য জীৱ-জন্তুৰ প্ৰভূ ভক্তিয়ে আমাক ভাবিবলৈ বাধ্য কৰে যে সঁচাকৈয়েই মানুহতকৈ আন প্ৰাণী সমূহৰ ভক্তি নিস্বাৰ্থ কিম্বা সৰল ৷ এই কথা প্ৰতিপন্ন কৰিলে মহাৰাষ্ট্ৰত সংঘটিত হোৱা এটা বান্দৰৰ মৃত্যুৰ ঘটনাই ৷ প্ৰভূ হনুমানৰ দৰ্শনৰ পিছতেই মন্দিৰতে প্ৰাণ ত্যাগ কৰিলে এটা বান্দৰে ৷ মহাৰাষ্ট্ৰৰ চাংলিৰ এটা হনুমান মন্দিৰত সংঘটিত হয় এই আচৰিত ঘটনাটো ৷যি ঘটনাই আৱেগিক কৰি তুলিলে সমগ্ৰ অঞ্চলটোৰ ভক্তপ্ৰাণ ৰাইজক ৷
গুৰুত্বপূৰ্ণ কথা যে মংগলবাৰ আৰু শণিবাৰ এই দুটা দিনক হনুমানৰ দিন হিচাপে গণ্য কৰা হয় আৰু এই দুইটা বাৰৰ ভিতৰত শণিবাৰে মন্দিৰৰ ভিতৰতে মৃত্যু হৈছিল এই বান্দৰটোৰ ৷মহাৰাষ্ট্ৰৰ চাংলি জিলাৰ মিৰাজ তালুকাৰ গুণ্ডেৱাড়ী গাঁৱত সংঘটিত হ’ল এই আচৰিত ঘটনা ৷ শণিবাৰে ৰাতিপুৱা গুণ্ডেৱাড়ী গাঁৱৰ হনুমান মন্দিৰত বজৰংবলীৰ মূৰ্তিৰ সন্মূখত উপাসনা কৰি থকা অৱস্থাতে বান্দৰটোৰ মৃত্যু হয়।
সেইদিনাও আনকালৰ দৰে মন্দিৰটোৰ কাষৰ গছত কেইবাটাও বান্দৰ বহি আছিল আৰু ভক্তসকলে বজৰংবলীৰ মূৰ্তিৰ পূজা অৰ্চনা কৰি আছিল। সেইদিনাই গছৰপৰা এটা বান্দৰ মন্দিৰলৈ আহিছিল আৰু হনুমানৰ মূৰ্তিৰ সন্মূখত সেৱা কৰি মৃত্যুবৰণ কৰিছিল। এই কাণ্ড প্ৰতক্ষ কৰি গাওঁবাসী আচৰিত হৈ পৰে আৰু এই বাতৰিটো সকলোতে বিয়পি পৰে ৷
তথ্য অনুসৰি, মন্দিৰত প্ৰৱেশ কৰাৰ পিছত, বান্দৰটো মন্দিৰত দীৰ্ঘসময় ধৰি বহি আছিল আৰু হনুমানৰ মূৰ্তিত সেৱা কৰাৰ পিছতেই বান্দৰটো মজিয়াত ঢলি পৰিছিল ।সেয়েহে বান্দৰটোৰ মৃত্যুৰ পিছত আবেগিক হৈ ৰাইজে মন্দিৰটোৰ চৌহদতে সমাধিস্থ কৰে হনুমান ভক্ত এই বান্দৰটোৰ মৃতদেহ ৷