ভিটামিন ‘ই’ কেপচুলে শৰীৰৰ ভিটামিনৰ অভাৱ দূৰ কৰে। ইয়াৰ উপৰিও চুলি আৰু গাৰ ছাল সুন্দৰ হোৱাত সহায় কৰে এই ভিটামিনে। জানো আহক কেনেদৰে আমি ‘ই’ ভিটামিন ব্যৱহাৰ কৰিব পাৰোঁ—
১) কেপচুলটো ভাঙি তাৰ ভিতৰত থকা তেল খিনি উলিয়াই মুখৰ দাগ থকা অংশত লগাব লাগে আৰু এক মিনিট পিছত কুহুমীয়া পানীৰে মুখ খন ধুই পেলাব লাগে। নিয়মিত ভাৱে এনে কৰিলে মুখৰ দাগ নোহোৱা হয়।
২) প্ৰতিদিনে ৰাতি টোপনি যোৱাৰ আগতে কেপচুলৰ ভিতৰত থকা তেল মুখৰ ছালত সানিলে বলি ৰেখা দূৰ হয়।
৩) মইশ্চাৰাইজাৰ হিচাপেও ‘ই’ ভিটামিন ব্যৱহাৰ কৰিব পাৰি। মধু আৰু নেমুৰ ৰসৰ লগত ‘ই’ ভিটামিনৰ তেল মিহলাই হাত-ভৰিত সানিলে হাত-ভৰিৰ ছালৰ শুকান ভাৱ নোহোৱা হয়।
৪) ষ্ট্ৰেচ স্মাৰ্কচ থাকিলেও নেমুৰ ৰসৰ লগত ভিটামিন ‘ই’ নিয়মিত লগাব লাগে।
৫) ওঁঠ ফাটিলেও মধুৰ লগত ‘ই’ ভিটামিন লগালে ফটা ওঁঠ নিমজ হয়।
৬) গৰম পানীৰ লগত ‘ই’ ভিটামিন মিহলাই সেই পানীত নখ জুবুৰিয়াই ৰাখিলে নখবোৰ দেখিবলৈ ধুনীয়া হয়।
৭) নাৰিকল তেল বা অলিভ অইলৰ লগত ‘ই’ ভিটামিন মিহলাই নিয়মিত ভাৱে চুলিত লগালে চুলিৰ আগ ফটা ভাল হয়।