ভাৰতবৰ্ষৰ এখন অন্যতম ৰাজ্য কেৰালা ৷ যি দেশখনৰ পৰ্য্টনৰ ক্ষেত্ৰতো যথেষ্ট আগবঢ়া ৷ এইখন ৰাজ্যৰ কাচাৰাগোডৰ শ্ৰী অনন্তপুৰা হ্ৰদ মন্দিৰত প্ৰায় ৭০বছৰতকৈয়ো অধিক সময় পহৰা দি থকা দেৱদূত সদৃশ এটা ঘৰিয়ালৰ কাহিনীয়ে আশ্চৰ্যচকিত কৰিছে সকলোকে ৷ অৱশ্যে দুখৰ কথা যে ঐশ্বৰিক শক্তিৰে সমৃদ্ধ বাবিয়া নামৰ এই ঘৰিয়ালৰ আজি কেইদিনমান আগতে মৃত্যু ঘটা বুলি জানিব পৰা গৈছে ৷
বিশ্বৰ একমাত্ৰ নিৰামিষভোজী ঘৰিয়াল বাবিয়াই শ্ৰী অনন্তপদ্মনাভ স্বামীৰ প্ৰসাদ খাই যোৱা ৭৫ বছৰ ধৰি মন্দিৰ হ্ৰদটোত বাস কৰিছিল।অৱশ্যে আজি কিছুদিনৰ আগতে নিৰামিষ ভোজী ‘বাবিয়া’ নামৰ এই ঘৰিয়ালটোৰ কাচাৰাগোডৰ আনন্দপদ্মানাভ স্বামী মন্দিৰত দেহাৱসান ঘটে ৷
জানিব পৰা মতে কাচাৰাগোডৰ শ্ৰী অনন্তপুৰা হ্ৰদ মন্দিৰত পহৰা দি থকা আনন্দপদ্মনাভ স্বামী মন্দিৰৰ হ্ৰদত বাস কৰা বাবিয়াই ভাত খাই ভাল পাইছিল ৷ স্থানীয় জনশ্ৰুতি অনুসৰি, দুপৰীয়া মন্দিৰৰ উপাসনাৰ পিছত প্ৰতিদিনে আগবঢ়োৱা মন্দিৰৰ প্ৰসাদ খাই বাস কৰিছিল বাবিয়াই । এই নিৰামিষ প্ৰসাদত আছিল ভাত আৰু গুড় ৷ ভক্তসকলে নিৰ্ভয়ে সদায় দুপৰীয়া বাবিয়ালৈ এই প্ৰসাদ আগবঢ়াইছিল আৰু বাবিয়ায়ো আনন্দেৰে সেই প্ৰসাদ গ্ৰহণ কৰিছিল ।কিন্তু আজি কেইদিনমান আগতে আনন্দপদ্মনাভ স্বামী মন্দিৰৰ হ্ৰদত ৭০ বছৰৰো অধিক সময় বাস কৰা বাবিয়াৰ মৃত্যু ঘটে ।
কেৰেলাৰ এই অনন্তপুৰা হ্ৰদ মন্দিৰটোত অনন্তপদ্মনাভ স্বামী বিৰাজ কৰা বুলি বিশ্বাস কৰা হয়। মন্দিৰটো কেৰালাৰ কাচাৰাগোড জিলাৰ মঞ্জেশ্বৰম অঞ্চলৰ কুম্বলা চহৰৰ পৰা কেই কিলোমিটাৰ দূৰৰ অনন্তপুৰা নামৰ এখন সৰু গাঁৱৰ এটা হ্ৰদৰ মাজত নিৰ্মাণ কৰা হৈছে।যাক দৰ্শন কৰিবলৈ অগনন ভক্তৰ সমাগম ঘটে ৷ অৱশ্যে এতিয়াৰ পৰা হয়তো মন্দিৰটোৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু দেৱদূতৰূপী বাবিয়াৰ অনুপস্থিতি বাৰুকৈয়ে অনুভৱ কৰিব সেই অঞ্চলৰ ৰাইজ তথা মন্দিৰ দৰ্শনাৰ্থী ভক্তসকলে ৷