ইউক্ৰেইনত ৰাছিয়ান সেনাই আক্ৰমণ অধিক তীব্ৰতৰ কৰি তোলাৰ সময়তে সকলো ভাৰতীয় নাগৰিকক তাৎক্ষণিকভাৱে ইউক্ৰেইন এৰিবলৈ নির্দেশ দিয়া হৈছে ৷ ইউক্ৰেইনৰ ৰাজধানী কীভত থকা ভাৰতীয় দূতাৱাসে জাৰি কৰিছে এই নির্দেশনা ৷
জাননীখনত দূতাৱাসে কয় -, “সমগ্ৰ ইউক্ৰেইনত নিৰাপত্তা পৰিস্থিতি অৱনতি হোৱাৰ লগতে শেহতীয়াকৈ আক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় নাগৰিকসকলক ইউক্ৰেইনলৈ যাত্ৰা নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে। ছাত্ৰ-ছাত্ৰীকে ধৰি ভাৰতীয় নাগৰিকসকলক উপলব্ধ উপায়েৰে অতি সোনকালে ইউক্ৰেইন এৰি যাবলৈ পৰামৰ্শ দিয়া হৈছে।”
যোৱা ২৪ ফেব্ৰুৱাৰীত যুদ্ধ আৰম্ভ হোৱাৰ পিছত ৰাছিয়াই ইউক্ৰেইনৰ ৰাজধানী কীভত শেহতীয়াকৈ ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে ৷ যোৱা ১১ অক্টোবৰৰ পিছত ভাৰতে জাৰি কৰা এয়া দ্বিতীয় অধিসূচনা।ভাৰতে ক্ষেপণাস্ত্ৰ আক্ৰমণৰ পিছত “গভীৰ উদ্বেগ” প্ৰকাশ কৰিছে, কিয়নো ইউক্ৰেইনত পুনৰ এই যুদ্ধ অধিক তীব্ৰতৰ হোৱাৰ ই ইংগিত বহন কৰিছে ৷
ইয়াৰ পূৰ্বে বুধবাৰে ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনে শেহতীয়াকৈ অন্তৰ্ভুক্ত কৰা চাৰিটা অঞ্চল খেৰচন, জাপ’ৰিজজিয়া, লুহানস্ক আৰু ডনেস্কত সামৰিক আইন ঘোষণা কৰিছিল। এই পদক্ষেপে ৰাছিয়াই পূব ইউক্ৰেইনত নিজৰ নিয়ন্ত্ৰণ দৃঢ় কৰি তুলিবলৈ চেষ্টা কৰা কার্যক ইংগিত দিছে ৷ কূটনৈতিক সূত্ৰই প্ৰকাশ কৰা অনুসৰি ইউক্ৰেইনত প্ৰায় ৫০০ ভাৰতীয় নাগৰিক আছে ৷