মধ্য প্ৰদেশৰ পাছত চিকিৎসা শিক্ষাৰ পাঠ্যক্ৰম হিন্দীত প্ৰৱর্তন কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে উত্তৰ প্ৰদেশে ৷ হিন্দী ভাষাত চিকিৎসা শিক্ষাৰ পাঠ্যক্ৰম প্ৰৱৰ্তনৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰে এখন কমিটী গঠন কৰিছে ৷
উত্তৰ প্ৰদেশৰ চিকিৎসা শিক্ষা বিভাগৰ সঞ্চালক প্ৰধান শ্ৰুতি সিঙে কয়, ‘ৰাজ্যত চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীৰ বাবে হিন্দী ভাষাত গ্ৰন্থ প্ৰৱৰ্তনৰ মূল্যায়নৰ বাবে এই কমিটি গঠন কৰা হৈছে।“
বিষয়াসকলে প্ৰকাশ কৰা অনুসৰি মধ্যপ্ৰদেশৰ স্নাতক চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰস্তুত কৰা হিন্দী ভাষাৰ পাঠ্যপুথিসমূহ প্ৰথমে মূল্যায়ন কৰি উত্তৰ প্ৰদেশত ইয়াৰে কিছু পাঠ্যপুথি প্ৰৱৰ্তন কৰিব পৰা যাব নেকি সেইটো সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।
উত্তৰ প্ৰদেশৰ মহাবিদ্যালয়সমূহৰ পৰা হিন্দী ভাষাত চিকিৎসা বিজ্ঞানৰ পাঠ্যপুথি লিখাৰ বাবে বিশেষজ্ঞ চিনাক্ত কৰা হ’ব। যিসকলে চিকিৎসা বিজ্ঞানৰ কিতাপ লিখিছে তেওঁলোকক অগ্ৰাধিকাৰ দিয়া হ’ব।
নাম প্ৰকাশ নকৰা এগৰাকী কমিটীৰ সদস্যই কয় যে ইংৰাজী কিতাপ সলনি কৰা নহ’ব যদিও হিন্দী কিতাপৰ বাবে অতিৰিক্ত বিকল্প থাকিব। চিকিৎসা শিক্ষা বিভাগে কয় যে বিষয়বস্তুৰ মানদণ্ডৰ ওপৰত কোনো ধৰণৰ আপোচ নহয়। প্ৰতিখন কিতাপ আৰু অধ্যায়ৰ প্ৰৱৰ্তনৰ পূৰ্বে মূল্যায়ন কৰা হ’ব। ১৫ অক্টোবৰত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ঘোষণা কৰিছিল যে শীঘ্ৰেই হিন্দী ভাষাত চিকিৎসা আৰু অভিযান্ত্ৰিক শিক্ষা প্ৰদান কৰা হ’ব।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে মধ্যপ্ৰদেশৰ এমবিবিএছ ছাত্ৰ-ছাত্ৰীৰ বাবে হিন্দী ভাষাত পাঠ্যপুথি মুকলি কৰিছিল ৷ ৰাজ্য চৰকাৰে হিন্দী ভাষাত চিকিৎসা শিক্ষা প্ৰদানৰ প্ৰকল্পৰ অংশ হিচাপে এই পাঠ্যপুথি প্ৰস্তুত কৰিছিল ৷ শ্বাহে কয় যে অভিযান্ত্ৰিক, পলিটেকনিক, আৰু আইন শিক্ষাও অতি সোনকালে হিন্দীত প্ৰদান কৰা হ’ব।