দীপাৱলীৰ প্ৰাকক্ষণত হিন্দু ধর্মৱলম্বী লোকসকলে পালন কৰা অত্যন্ত পৱিত্ৰ এক উৎসৱ হৈছে ধনতেৰাচ ৷ একাংশ লোকে ধনতেৰাচ মানে কেবল সোণ-ৰূপ ক্ৰয় কৰা দিন বুলি মনত ধাৰণা কৰে ৷ কিন্তু এই উৎসৱৰ তাৎপর্য আৰু গুৰুত্ব ধন, সোণ, ৰূপ আৰু গহনাতকৈ বহু বেছি। দেৱী লক্ষ্মীৰ লগতে ধনতেৰাচৰ দিনা ভগৱান কুবেৰৰ পূজা কৰা হয়। ভগৱান কুবেৰ ধনৰ দেৱতা বুলি বিশ্বাস কৰা হয় আৰু তেওঁ সন্তুষ্ট হ’লে মানুহক ধনী কৰি তোলে বুলি বিশ্বাস কৰা হয় ।
ধনতেৰাচৰ আক্ষৰিক অৰ্থ হৈছে ধন আৰু তেৰাচ (১৩) ৷ যাৰ অৰ্থ হৈছে ধনৰ বাবে পালন কৰা উৎসৱ ৷ যিটো কাৰ্তিক মাহৰ ১৩ তাৰিখে পালন কৰা হয় ৷ যাক ত্ৰয়োদশী বুলিও কোৱা হয়। পৌৰাণিক পৰম্পৰা অনুসৰি ধনতেৰাচৰ দিনটোত সোণ-ৰূপ আৰু অন্যান্য বাচন-বৰ্তন কিনা হয়। যদি আপুনি ব্যৱসায় কৰিব বিচাৰে বা কোনো নতুন শুভ কাম কৰিব বিচাৰে তেন্তে এই দিনটোৰ পৰা আৰম্ভ কৰাটো আটাইতকৈ শুভ আৰু শ্ৰেষ্ঠ বুলি গণ্য কৰা হয় ৷ দীপাৱলীৰ এদিন পূর্বে ধনতেৰাচ পালন কৰা হয়।
কিন্তু ধনতেৰাচৰ দিনা সোন –ৰূপ অথবা ধাতুৰ গহণা কিয় ক্ৰয় কৰা হয় আপুনি জানেনে ? ইয়াৰ আঁৰতো আছে এক জনবিশ্বাস ৷ প্ৰাচীন লোকবিশ্বাস অনুসৰি জিলিকি থকা গহনা, মণিৰ পৰা অহা উজ্জ্বল পোহৰ আৰু বন্তিৰ উজ্জ্বল পোহৰে সর্পৰ ৰূপত আৱির্ভাৱ হোৱা যমৰাজক অন্ধ কৰি পেলাইছিল ৷ যাৰ বাবে যমৰাজে হেমাৰ পুত্ৰক হত্যা কৰিব পৰা নাছিল। লোকবিশ্বাস অনুসৰি ৰাজা হিমাৰ ১৬ বছৰীয়া পুত্ৰই তেওঁৰ ৰাশি অনুযায়ী গম পায় যে তেওঁৰ বিবাহৰ চতুৰ্থ নিশা সর্প দংশনৰ ফলত মৃত্যু হ’ব ৷সেয়েহে বিয়াৰ চতুৰ্থ দিনা তেওঁৰ পত্নীয়ে নিজৰ সকলো অলংকাৰ খুলি দুৱাৰৰ ওচৰতে ৰখাৰ লগতে বন্তি জ্বলাই তেওঁলোকৰ কোঠাটো পোহৰাই তুলিছিল ৷ যম দেৱতা যেতিয়াই তেওঁক নিবলৈ আহিছিল, তেতিয়া চাকিৰ পোহৰ আৰু গহণাৰ জ্যোতিয়ে একো নেদেখা কৰি তুলিছিল ৷
যাৰ বাবে যমৰাজ ঘৰৰ ভিতৰলৈ সোমাব নোৱাৰি ৰাজকুমাৰৰ প্ৰাণ নোলোৱাকৈ ওভতি যায় ৷ ইয়াৰ পিছত ৰাজকুমাৰৰ জীৱন ৰক্ষা পৰে । সেই সময়ৰ পৰা ঘৰৰ দুৱাৰমুখত চাকিৰ পোহৰ বিয়পাই অশুভ শক্তিক নাশ কৰিবলৈ প্ৰার্থনা কৰা হয় ৷ইয়াৰ বাবেই সোণ-ৰূপৰ গহনা বা নতুন বাচন-বৰ্তন কিনিলে আপোনাক আৰু আপোনাৰ পৰিয়ালৰ সদস্যসকলক যিকোনো বিপদৰ পৰা ৰক্ষা কৰিব পাৰি বুলি বিশ্বাস কৰা হয়। ধনতেৰাছত ধাতু কিনিলেও ঘৰলৈ ভাগ্য, ধন-সম্পদ আৰু সমৃদ্ধি আহে বুলি কোৱা হয়।
পৌৰাণিক কাহিনী অনুসৰি সোণ-ৰূপে আপোনাক যিকোনো নেতিবাচক শক্তিৰপৰা ৰক্ষা কৰে বুলি বিশ্বাস কৰা হয়, যাৰ বাবে বিশেষকৈ এই দিনটোত বহুমূলীয়া ধাতু কিনাটো অত্যন্ত শুভ বুলি গণ্য কৰা হয়
ড্ৰিক পঞ্চাঙৰ মতে, ২২ অক্টোবৰত ধনতেৰাচ পূজা অনুষ্ঠিত হ’ব।সন্ধিয়া ৭:০১ বজাৰ পৰা সন্ধিয়া ৮:১৭ বজালৈ ১ ঘণ্টাৰ বাবে ধনতেৰাচ পুজাৰ শুভ সময় বুলি গণ্য কৰা হয় ৷