হোটেল ৰত্নামৌলি। গুৱাহাটীৰ বেলতলাস্থিত এই হোটেলখন বোধকৰো অসমৰ একমাত্ৰ চাৰি তাৰকাযুক্ত হোটেল যাৰ মালিক হ’ল এজন অসমীয়া। এটা সময়ত সম্পূৰ্ণ শূন্যৰ পৰা ব্যৱসায় আৰম্ভ কৰি যি এতিয়া নিজৰ হোটেলখনত শতাধিক উপযুক্ত অসমীয়া যুৱক-যুৱতীকো সংস্থাপন দিবলৈ সক্ষম হৈছে। নৱপ্ৰজন্মক সঠিক পথ দেখুওৱা এইগৰাকী অসম সন্তানৰ নাম মদন শৰ্মা ৷
যোৱা ১৫ অক্টোবৰ তাৰিখে বেলতলাস্থিত চাৰি তাৰকাযুক্ত ‘হোটেল ৰত্নামৌলি’ আনুষ্ঠানিক ভাৱে মুকলি কৰে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা যুৱ-প্ৰজন্মৰ হাৰ্ট-থ্ৰ’ব জুবিন গাৰ্গে ।আনহাতে এই অনুষ্ঠানতে অসমৰ কেইবাগৰাকীও জনপ্ৰিয় শিল্পীয়ে অনুষ্ঠান পৰিবেশন কৰে ৷ অসমৰ স্বনামধন্য বাঁহীবাদক দীপক শৰ্মাৰ বাঁহী, মনোজ বৰুৱা দেৱৰ বেহেলা, হৰ্ষিতা ভট্টাচাৰ্য্যৰ গীত আৰু শেষত সান্নিধ্য ভূঞাৰ কণ্ঠৰ গীতে উপস্থিত সকলোকে আপ্লুত কৰে । অসমৰ এগৰাকী অন্যতম শ্ৰেষ্ঠ ঘোষক দেবজ্যোতি দাসগুপ্তাই আঁতধৰা অনুষ্ঠানটোত অন্যান্য দুই এটা বিষয়ত আঁত ধৰি সহযোগিতা আগবঢ়াই সীমান্ত গোস্বামীয়ে ।
উল্লেখনীয় যে গুৱাহাটী মহানগৰীৰ মাজ মজিয়াৰ বেলতলাত নিৰ্মাণ কৰা এই চাৰিতাৰকা যুক্ত হোটেলখনত আছে দুখন সম্ভ্ৰান্ত ৰেষ্টুৰেণ্ট, স্পা, চুইমিং পুল, জিম, বাৰ, গেমিং ৰুম, কনফাৰেন্স হলৰ লগতে বেংকুৱেট হল।আনহাতে ব্যক্তিগত ল’নৰ সৈতে আছে প্ৰেচিডেন্সিয়েল চুইট ।
অসমত এজন অসমীয়া লোকে নিজৰ লগতে আন দহজনকো আগুৱাই নিয়াৰ প্ৰচেষ্টাৰে নিৰ্মাণ কৰা এই চাৰি তাৰকা যুক্ত হোটেলখন ৰাইজে আদৰি ল’ব বুলি যথেষ্ট আশাবাদী হোটেলখনৰ স্বত্তাধিকাৰী মদন শৰ্মাৰ লগতে প্ৰতিষ্ঠানটোৰ সৈতে জড়িত হৈ থকা প্ৰতিজন লোক ৷