আজি ওজাপালি আৰু দেওধনী নৃত্যৰ শিল্পী ললিত চন্দ্ৰ নাথৰ স্মৃতি দিৱস । তেওঁ আছিল পৰম্পৰাগত শুকনানী ওপজাপালি আৰু দেওধনী নৃত্যৰ গুৰু । কোচ ৰজা ধৰ্মনাৰায়ণৰ পৃষ্ঠপোষকতাত আজিৰ পৰা প্ৰায় চাৰিশ বছৰ পূৰ্বতে তেওঁৰ বংশৰ মেঘো ওজাই ওজাপালি নৃত্য-গীতৰ গুৰি ধৰিছিল বুলি জনা যায় । তেতিয়াৰ পৰাই তেওঁৰ বংশত এই পৰম্পৰা চলি আহিছিল আৰু তেওঁ আছিল বংশৰ অষ্টমজন ওজা । তেওঁ বোনো ওজাক গুৰু বৰণ কৰি ওজাপালি শিকিছিল । ১৮/১৯ বছৰ বয়সতে তেওঁ নিজাববীয়াকৈ ওজাপালি দল গঠন কৰে । তদুপৰি ১৯৫৮ চনতে দিল্লীত সংগীত নাটক একাডেমীয়ে আয়োজন কৰা এটা অনুষ্ঠানত তেওঁ ডঃ মহেশ্বৰ নেওগৰ তত্ত্বাৱধানত নৃত্য পটিয়সী ৰাধিকা দেৱীৰ সহযোগত দেওধনী নৃত্য প্ৰদৰ্শন কৰিছিল । তেওঁ ২০০৭ চনত ‘সুকনানি সংগীতৰ ৰেঙণি’ নামৰ এখন পুথিও লিখি উলিয়াইছিল । ১৯৮৩ চনত তেওঁ সংগীত নাটক একাডেমী বঁটা লাভ কৰে । ২০১২ চনত তেওঁক একাডেমীয়ে ৰবীন্দ্ৰনাথ ঠাকুৰ বঁটাও প্ৰদান কৰে । ২০১৩ চনৰ আজিৰ দিনটোতে তেওঁৰ দেহাৱসান ঘটে । শিল্পীগৰাকীলৈ আমাৰ প্ৰণাম ।
আজি জনপ্ৰিয় কণ্ঠশিল্পী নিৰ্মলা মিশ্ৰৰ ওপজা দিন । ১৯৩৮ চনৰ আজিৰ দিনটোতে পশ্চিম বংগৰ মজিলপুৰত তেওঁৰ জন্ম হৈছিল । নজৰুল গীত, ৰবীন্দ্ৰ সংগীত, শ্যামা সংগীত, লোকগীত, দেশপ্ৰেমমূলক গীত আদি গাই জনপ্ৰিয় হোৱা নিৰ্মলা মিশ্ৰই বাংলা, হিন্দী, ওড়িয়াৰ উপৰি অসমীয়া ভাষাতো ভালেমান গীত গাই শ্ৰোতাৰ মন জয় কৰিছে । বিভিন্ন বাংলা, হিন্দী, ওড়িয়া চলচ্চিত্ৰৰ উপৰি তেওঁ ডক্তৰ বেজবৰুৱা, বৰুৱাৰ সংসাৰ, বৃষ্টি, ধৰ্মকাই, পুতলাঘৰ, নতুন আশা, নিয়তি, মেঘমুক্তি আদি কেইবাখনো অসমীয়া চলচ্চিত্ৰৰ গীত গাইছে । শিল্পীগৰাকীলৈ আমাৰ প্ৰণাম ।