Mission Fit India পৰিকল্পনাৰে মিৰ্জাৰ পৰা এক দুঃসাহসিক পদযাত্ৰাৰে লাডাখলৈ বুলি ৰাওণা হৈছে বকোৰ জীয়ৰী মিৰ্জাৰ বোৱাৰী অঞ্জলি দাস। যোৱা ১৩ আগষ্টৰ পুৱা আৰম্ভ কৰিছে এই যাত্ৰা।
তিনি মাহত ২৭৯৬ কিলোমিটাৰ খোজ কাঢ়ি লাডাখত উপস্থিত হোৱাৰ লক্ষ্য বান্ধি ৰ’দ-বৰষুণ এক কৰি আগবাঢ়িছে অঞ্জলি।কান্ধত অসমীয়াৰ স্বাভিমান গামোচা বুকুত দুৰ্বাৰ হেঁপাহ লৈ দেশৰ নাম জিলিকাবলৈ এই যাত্ৰা অঞ্জলিৰ।
দৈনিক ৫০ কিলোমিটাৰ খোজ কঢ়াৰ লক্ষ্যৰে আগবঢ়া অঞ্জলিক বিভিন্ন ঠাইত মানুহে অভিনন্দন জনোৱাত উৎফুল্লিত হৈ পৰা অঞ্জলিয়ে অসমবাসীৰ মৰম আৰু পৰিয়ালৰ উৎসাহ এই যাত্ৰাৰ প্ৰেৰণা বুলি উল্লেখ কৰে।
সাধাৰণতে এনে ধৰণৰ দুঃ সাহসিক যাত্ৰা মটৰ চাইকেল বা চাইকেলেৰে কৰা দেখা যায়। যদিও অঞ্জলিয়ে এই কাম খোজ কাঢ়িয়েই কৰাৰ সপোন দেখিছে।নিশ্চিত ভাৱে এই যাত্ৰা সহজ নহয়।
কিন্তু অঞ্জলিয়ে এই অসাধাৰণ কাম কৰি অসমৰ বিজয় ধ্বজা উৰুৱাব খোজিছে লাডাখত। তেনেক্ষেত্ৰত সকলো অসমবাসীয়ে এতিয়া অঞ্জলিক হিয়া উজাৰি শুভেচ্ছা দিছে যাতে লক্ষ্য প্ৰাপ্তিৰে অসমৰ নাম বিশ্ব দৰবাৰত জিলিকাই তোলে।