গুৱাহাটী মহানগৰীৰ এক আগশাৰীৰ শিক্ষানুষ্ঠান ‘ফেকাল্টি হায়াৰ ছেকণ্ডেৰী স্কুল ‘৷ শেহতীয়াকৈ অসমৰ ঐতিহ্য পৰম্পৰাক ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে পৰিচয় কৰাব খুজি এক সুন্দৰ পদক্ষেপ ল’লে আগশাৰীৰ শিক্ষানুষ্ঠানটোৱে ৷
বৰ্তমান সময়ত ইংৰাজী মাধ্যমত শিক্ষা গ্ৰহণ কৰাৰ অযুহাততেই হওঁক কিম্বা অভিভাৱকসকলৰ অমনোযোগিতাৰ বাবেই হওঁক বহু শিশু তথা যুৱক-যুৱতী আমাৰ স্বকীয় ঐতিহ্য-পৰম্পৰাৰ প্ৰতি উদাসীন ৷ সেয়েহে এই ক্ষেত্ৰত শিক্ষাৰ্থী সকলক নিজৰ সংস্কৃতি- পৰম্পৰাৰ বিষয়ে অৱগত কৰাবৰ বাবে আৰু আকৰ্ষিত কৰিবৰ বাবে মহানগৰীৰ এই শিক্ষনুষ্ঠানটোৱে লোৱা এই পদক্ষেপক শলাগিছে বহুজনে ৷
শেহতীয়াকৈ সমগ্ৰ অসমতে পালন কৰা অসমৰ বাপতি সাহোন কাতি বিহু বাব কঙালি বিহু উপলক্ষে ‘ফেকাল্টি হায়াৰ ছেকণ্ডেৰী স্কুল‘ৰ শিক্ষক আৰু শিক্ষাৰ্থীসকল একত্ৰিত হৈ উদযাপন কৰিলে এই উৎসৱ ৷ বিদ্যালয়ৰ খেলপথাৰত শিক্ষাৰ্থী সকলে মাটি-পানী লৈ নিজেই তৈয়াৰ কৰিলে তুলসী ভেটি ৷ লগতে তুলসী পুলি ৰুই ,তুলসীৰ তলত চাকি-ধূপ জ্বলোৱাৰ পৰা শৰাই আগবঢ়াই নাম গোৱালৈকে শিক্ষকসকলৰ তত্বাৱধানত সকলোখিনি কৰিলে কেৱল শিক্ষাৰ্থী সকলেই ৷ যি অসমীয়া জাতিৰ বাবে ,অসমৰ উঠি অহা প্ৰজন্মৰ বাবে অৱশ্যেই এক গুৰুত্বপূৰ্ণ পদক্ষেপ ৷
শিক্ষানুষ্ঠান খনৰ এনে পদক্ষেপৰ ভূয়সী প্ৰশংসা কৰিছে অভিভাৱক তথা অসমৰ ৰাইজে ৷ লগতে ভৱিষ্যতেও এনে ধৰণৰ পদক্ষেপৰ যোগেদি অসমৰ ঐতিহ্য-পৰম্পৰাক জীয়াই ৰখাৰ ক্ষেত্ৰত বিদ্যালয়খনে এক গুৰুত্বপূৰ্ণ ভূমিকা ল’ব বুলি আশাবাদী সকলো ৷