হিন্দু ধর্মাৱলম্বী লোকসকলৰ বাবে অত্যন্ত পৱিত্ৰ তীর্থস্থলী হিচাপে গণ্য কৰা উত্তৰাখণ্ডৰ কেদাৰনাথ ধাম সংযোজিত হ’ব ৰ’পৱেৰে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে কেদাৰনাথ মন্দিৰত ৰুদ্ৰ অভিষেক (প্ৰথম প্ৰাৰ্থনা) আগবঢ়াই তীৰ্থযাত্ৰীসকলৰ বাবে ১২৬৭ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া ৰ’পৱেৰ আধাৰশিলা স্থাপন কৰে। কেদাৰনাথলৈ যোৱা ৯.৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰ’পৱেই গৌৰীকুণ্ডৰ পৰা তীৰ্থযাত্ৰীসকলে মন্দিৰত উপস্থিত হোৱাত সহায় কৰিব ৷
উত্তৰাখণ্ডৰ পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি মোদীয়ে আদি শংকৰাচাৰ্যৰ সমাধি স্থলত প্ৰাৰ্থনা আগবঢ়ায়। ৰাজ্যপাল গুৰমিত সিং আৰু মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী তেওঁৰ সৈতে উপস্থিত থাকে। ইয়াৰ উপৰি কেদাৰনাথৰ পুনৰ্নিৰ্মাণ আৰু উন্নয়নমূলক কামৰ বুজ লয় মোদীয়ে। ধামীয়ে মোদীক কামৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰে। মোদীয়ে কামত নিয়োজিত কৰ্মীসকলৰ সৈতেও মত বিনিময় কৰে।
ইপিনে কেদাৰনাথ দর্শনৰ পাছত তেওঁ বদ্ৰীনাথ মাষ্টাৰ প্লেনৰ অধীনত চলি থকা কাম-কাজৰ বুজ লয় ৷ তদুপৰি প্ৰায় ৫ কিলোমিটাৰ দূৰত থকা মানাত এখন জনসভা তেওঁ সম্বোধন কৰে ৷
কেদাৰনাথত প্রথম পর্যায়ৰ অধীনৰ পুনৰ্নির্মাণ কাম ইতিমধ্যে সম্পূর্ণ হৈছে ৷ দ্বিতীয় পৰ্যায়ত ১৮৮ কোটি টকা ব্যয়সাপেক্ষে ২১টা কাম চলি আছে আৰু এই কামসমূহ ২০২৩ চনৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ’ব।
যোৱা মাহত মোদীয়ে নতুন দিল্লীৰ পৰা ভাৰ্চুৱেলি বদ্ৰীনাথ আৰু কেদাৰনাথৰ পুনৰ্নিৰ্মাণ আৰু উন্নয়নমূলক কাম-কাজৰ পৰ্যালোচনা কৰিছিল। ২০১৭ চনৰ অক্টোবৰ মাহত মোদীয়ে কেদাৰনাথত পাঁচটা পুনৰ্নিৰ্মাণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল ৷ য’ত অষ্টম শতিকাৰ আৰম্ভণিৰ দ্ৰষ্টা তথা বেদান্ত দৰ্শন বিদ্যালয়ৰ প্ৰতিষ্ঠাপক আদি শংকৰাচাৰ্য্যৰ সমাধি স্থল অন্তভুর্ক্ত হৈ আছিল। ২০১৯ চনৰ মে’ মাহত কেদাৰনাথৰ ৰুদ্ৰ ধ্যান গুহাতো পৰিদৰ্শন কৰিছিল মোদীয়ে।
প্ৰতি বছৰে লাখ লাখ তীৰ্থযাত্ৰীয়ে কেদাৰনাথ, বদ্ৰীনাথ, যমুনোত্ৰী, আৰু গংগোত্ৰী মন্দিৰ দর্শন কৰে ৷ এইবাৰ অভিলেখসংখ্যক ৪২ লাখ ভক্তই এই মন্দিৰ দৰ্শন কৰে।
সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ৩৫০০ মিটাৰ উচ্চতাত অৱস্থিত কেদাৰনাথ ৰুদ্ৰপ্ৰয়াগ জিলাৰ মন্দাকিনী নৈৰ কাষতে অৱস্থিত। পাণ্ডৱসকলে এই মন্দিৰ নিৰ্মাণ কৰিছিল আৰু আদি শংকৰচাৰ্য্যই ইয়াক পুনৰুজ্জীৱিত কৰিছিল বুলি ধাৰণা কৰা হৈছে।