ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী লিজ ট্ৰাছৰ পদত্যাগৰ পাছত দেশখনত সৃষ্টি হোৱা ৰাজনৈতিক অচলাৱস্থাৰ এতিয়াও অৱসান ঘটা নাই ৷ ইয়াৰ মাজতে দেশখনৰ প্ৰধানমন্ত্ৰী হিচাপে কোনে দায়িত্ব গ্ৰহণ কৰিব তাক লৈয়ো উৎকণ্ঠা বৃদ্ধি পাইছে ৷ সমান্তৰালভাৱে ভাৰতীয় মূলৰ ঋষি ছুনাক ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে ৷
শুকুৰবাৰে সন্ধিয়া ব্ৰিটিছ কনজাৰ্ভেটিভ ৰাজনীতিবিদ ঋষি ছুনাকে দলৰ নেতা পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰাৰ নূন্যতম সীমাত উপনীত হয় ৷ প্ৰধানমন্ত্ৰী লিজ ট্ৰাছৰ নাটকীয় পদত্যাগৰ পিছত ব্ৰিটেইনৰ শাসকীয় দলটোৱে দ্বিতীয়বাৰৰ বাবে নেতৃত্বৰ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বাধ্য হোৱাৰ পিছত কেবিনেট সদস্য পেনি মৰ্ডাউণ্টে আনুষ্ঠানিকভাৱে প্ৰাৰ্থীত্ব ঘোষণা কৰা প্ৰথমগৰাকী ব্যক্তি হিচাপে তেওঁ পৰিগণিত হয়।
ছুনাকলৈ ১০০ জন সাংসদে ইতিমধ্যে সমর্থন আগবঢ়াইছে ৷ তেওঁৰ সতীৰ্থ ট’ৰীয়ে সাংসদৰ পৰা ১০০টা মনোনয়ন লাভ কৰাত ব্যৰ্থ হ’লে ছুনাক স্বয়ংক্ৰিয়ভাৱে দলীয় নেতা আৰু প্ৰধানমন্ত্ৰী হ’ব। অৱশ্যে প্ৰধানমন্ত্ৰীৰ দৌৰত পুনৰ অৱতীর্ণ হ’বলৈ আগ্ৰহ প্ৰকাশ কৰিছে প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছনে ৷