উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত সংঘটিত হৈছে ভয়ানক ঘটনা ৷ ডেংগু ৰোগীৰ পৰিয়ালক তেজৰ প্লাজমা প্লেটিলেটৰ নামত মৌছুমী ফলৰ ৰস বিক্ৰী কৰাৰ অভিযোগত ১০ জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
ঘটনাৰ বিবৰণী অনুসৰি এখন চিকিৎসালয়ত এজন ডেংগু ৰোগী কালি প্লেটিলেট প্ৰদানৰ পাছতে মৃত্যু ঘটে ৷ ৰোগীজনৰ মৃত্যুৰ পাছত পোহৰলৈ আহে যে প্লেটিলেটৰ পেকেটতোত প্ৰকৃতার্থত ভৰাই থোৱা আছিল মৌছুমী ফলৰ ৰস ৷
ইতিমধ্য়ে এই পেকেটসমূহ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ৷ এই ঘটনাই ছছিয়েলক মিডিয়াত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷
আৰক্ষীয়ে জনোৱা মতে, ধৃত ১০ জন লোকে ব্লাড বেংকৰ পৰা প্লাজমা লৈ প্লেটিলেট হিচাপে পুনৰ পেকেজ কৰিছিল দুয়োটা তেজৰ উপাদান যদিও বিভিন্ন ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়, ডেংগু ৰোগীৰ ক্ষেত্ৰত প্লেটিলেটৰ চাহিদা সর্বাধিক ৷
জিলা আৰক্ষী অধীক্ষক শৈলেষ পাণ্ডেয়ে এই সন্দর্ভত কয়, “যোৱা কিছুদিন ধৰি ডেংগুৱে সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ যাৰ বাবে প্লেটিলেটৰ অত্যাধিক চাহিদা বৃদ্ধি পাইছে। সে এই লোকসকলে তাৰ সুবিধা লৈ বেছিভাগ দৰিদ্ৰ লোকক প্ৰতাৰণা কৰিছিল।” তেওঁ লগতে কয় যে তেওঁলোকৰ পৰা জব্দ কৰা হৈছে প্লাজমা পেকেট,, নগদ ধন, মোবাইল ফোন আৰু বাহন।
পাণ্ডেয়ে লগতে কয় যে কিছুদিন পূৰ্বে প্ৰয়াগৰাজত অবৈধভাৱে তেজ যোগান ধৰাৰ অভিযোগত ১২ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল।
বৃহস্পতিবাৰে তেজৰ প্লেটলেটৰ পৰিৱৰ্তে ফলৰ ৰস ৰোগীৰ শৰীৰত প্ৰদান কৰাৰ অভিযোগত বৃহস্পতিবাৰে এখন ব্যক্তিগত চিকিৎসালয় ছীল কৰাৰ গোচৰৰ সন্দৰ্ভত তেওঁ কয় যে, “এটা নমুনা পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে আৰু পৰীক্ষাৰ পিছতহে প্ৰকৃত ছবি পোহৰলৈ আহিব ৷” ব্যক্তিগত চিকিৎসালয়খনৰ মালিকে দাবী কৰা অনুসৰি প্লেটিলেটসমূহ বেলেগ চিকিৎসালয়ৰ পৰা অনা হৈছিল ৷ ৰোগীজনক তিনিটা ইউনিট প্ৰদান কৰাৰ পিছত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু তেওঁৰ মৃত্যু ঘটে ৷