ৰংজুলি কেইবাখনো গাঁৱত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ ৷ জাকে জাকে বন্যহস্তীয়ে খেতিপথাৰত প্ৰৱেশ কৰি উছন কৰি গৈছে ধাননি ৷ ৰংজুলিৰ কেইবাখনো গাঁৱত ইতিমধ্যে বহু হেক্টৰ কৃষি ভূমি বন্যহস্তীয়ে খাই শেষ কৰি পেলোৱাত হাহাকাৰ অৱস্থা কৃষক সকলৰ মাজত ৷ বৃহৎ বৃহৎ হাতীৰ জাকে খেতিপথাৰত প্ৰৱেশ কৰাৰ ফলত ওৰে নিশা পহৰা দিও কৃষিভূমি ৰক্ষা কৰিব নোৱাৰি উপায়হীন হৈ পৰিছে বহু কৃষক ৷
ৰংজুলিৰ পাটপাৰা আদি অঞ্চলত বিগত দহ-পোন্ধৰ দিন ধৰি ৩০-৪০ জনীয়া হাতীৰ জাকে চলাইছে সন্ত্ৰাস ৷ নিশা হলেই হাতীৰ জাকটোৱে বনাঞ্চলৰ পৰা কৃষকৰ পথাৰত প্ৰৱেশ কৰি এফালৰ পৰা ধাননি তহিলং কৰি গৈছে ৷ ফলত বৃদ্ধি হৈছে হাতী-মানুহৰ সংঘাত ৷ চকুৰ পচাৰতে হাতীৰ জাকে পথাৰৰ গেৰ ধৰা ধান খাই পেলোৱাত অসহায় হৈ চাই থাকিবলগীয়া হৈছে কৃষক সকল ৷
যোৱা নিশাও পাটপাৰা গাঁৱত উদয় ৰাভা নামৰ এগৰাকী কৃষকৰ ১২ বিঘাতকৈ অধিক ভূমিৰ ধান খেতি খাই শেষ কৰি পেলোৱাত এতিয়া মুৰে কপালে হাত দিবলগীয়া হৈছে কৃষক গৰাকী ৷ এসপ্তাহ পিছতে চপাবলগীয়া ধাননি দৰাও খাই শেষ কৰি পেলালে বন্যহস্তীৰ জাকে ৷
আনহাতে হাতী-মানুহৰ সংঘাত ৰোধত চুড়ান্তভাৱে ব্যৰ্থ বন বিভাগ ৷ ভুক্তভোগী কৃষক সকলে উল্লেখ কৰা অনুসৰি মাজে মাজে বন বিভাগৰ লোক উপস্থিত হৈ হাতী সমুহক খেদি পথায় যদিও পিছমুহূৰ্ত্ততে পুনৰ খেতিপথাৰত প্ৰৱেশ কৰি একেই উপদ্ৰৱ চলায় বন্যহস্তীৰ জাকে ৷ এফালৰ পৰা বন্যহস্তীৰ জাকে ধাহি-মুহি লৈ যায় ধাননি পথাৰ ৷ ফলত ৰাইজে সংঘাতত লিপ্ত হবলৈ বাধ্য হয় বন্যহস্তীৰে ৷