আগষ্ট মাহত পশ্চিম নিউয়ৰ্কত অনুষ্ঠিত এটা অনুষ্ঠানত অংশগ্ৰহণৰ সময়ত মঞ্চত আক্ৰমণৰ বলি হোৱা বুকাৰ বটা বিজয়ী বিশিষ্ট সাহিত্যিক ছলমান ৰুছডীয়ে এটা চকুৰ দৃষ্টিশক্তি হেৰুৱাই পেলাইছিল ৷ তদুপৰি তেওঁৰ এখন হাত অকামিলা হৈ পৰিছে বুলি সদৰী কৰিছে ৷
স্পেইনৰ এখন বাতৰি কাকতত প্ৰকাশ পোৱা তথ্য অনুসৰি ৰুছডিৰ আঘাতসমূহ “গুৰুতৰ” বুলি বৰ্ণনা কৰাৰ লগতে এটা চকুৰ দৃষ্টিশক্তি হেৰুৱাৰ কথা উল্লেখ কৰিছে ৷ সাহিত্যিক গৰাকীয়ে ডিঙিত তিনি স্থানত গুৰুতৰ আঘাত পাইছিল ৷ বাহুৰ স্নায়ুসমূহ চোকা অস্ত্ৰৰ আঘাতত নষ্ট হৈ যোৱাৰ বাবে হাতখন অকামিলা হৈ পৰিছে ৷
ভাৰতত এটা মুছলমান কাশ্মীৰী পৰিয়ালত জন্মগ্ৰহণ কৰা ৰুছডীৰ শিৰৰ ওপৰত পুৰস্কাৰ ঘোষণা কৰিছে ৷ ব্ৰিটিছ আৰক্ষীৰ সুৰক্ষাত তেওঁ ৯ বছৰ আত্মগোপন কৰি আছিল ৷
ইৰাণৰ ৰাষ্ট্ৰপতি মহম্মদ খাতামীৰ চৰকাৰে নব্বৈৰ দশকৰ শেষৰ ফালে ৰুছডিৰ বিৰুদ্ধে ফতোৱাৰ পৰা আঁতৰি থাকে যদিও ৰুছদীৰ শিৰৰ ওপৰত ঘোষণা কৰা পুৰস্কাৰৰ মাত্ৰা বাঢ়ি গৈ থাকে ৷
খোমেইনীৰ উত্তৰাধিকাৰী উচ্চতম নেতা আয়াতুল্লাহ আলী খামেনেইক ৰুছদিৰ বিৰুদ্ধে দিয়া ফতোৱা “অপ্ৰত্যাহাৰযোগ্য” বুলি মন্তব্য কৰাৰ বাবে ২০১৯ চনত টুইটাৰৰ পৰা নিলম্বন কৰা হৈছিল ৷
ঔপন্যাসিকগৰাকীক আক্ৰমণকাৰীক পশ্চিম নিউয়ৰ্কৰ এখন কাৰাগাৰত জামিনবিহীনভাৱে বন্দী কৰি ৰখা হৈছে।