দিল্লী বিশ্ববিদ্যালয়ত কাইলৈ অৰ্থাৎ ২৫ অক্টোবৰৰ পৰা স্নাতক পাঠ্যক্ৰমৰ বাবে দ্বিতীয় পর্যায়ৰ আসন আবণ্টন আৰু নামভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব ৷ admission.uod.ac.in ৱেবছাইটৰ জৰিয়তে এই প্ৰক্ৰিয়া আৰম্ভ হ’ব ৷
নামভৰ্তিৰ সময়সূচী অনুসৰি ২৫ অক্টোবৰৰ সন্ধিয়া ৫ বজাত দ্বিতীয় পর্যায়ৰ বাবে খালী হোৱা আসনসমূহ অফিচিয়েল ৱেবছাইটত উপলব্ধ হ’ব ।তাৰ পিছত ২৭ অক্টোবৰলৈ পৰীক্ষাৰ্থীসকলে পাঠ্যক্ৰম আৰু মহাবিদ্যালয় সালসলনিৰ আৱেদন কৰিব পাৰিব ৷
দ্বিতীয়খন চি এছ এ এছ আবণ্টন তালিকা ৩০ অক্টোবৰৰ সন্ধিয়া ৫ বজাত প্ৰকাশ কৰা হ’ব। ৩১ অক্টোবৰ (পুৱা ১০)ৰ পৰা ১ নৱেম্বৰ (বিয়লি ৪:৫৯)ৰ ভিতৰত প্ৰাৰ্থীয়ে আবণ্টিত আসন গ্ৰহণ কৰিব লাগিব।
মহাবিদ্যালয়সমূহে ৩১ অক্টোবৰৰ পৰা ২ নৱেম্বৰলৈ অনলাইন আবেদনসমূহ পৰীক্ষন কৰা হ’ব ৷অনলাইন নামভৰ্তিৰ বাবে ৩ নৱেম্বৰৰ বিয়লি ৪:৫৯ বজালৈ মাচুল আদায় দিব পাৰিব ৷
দিল্লী বিশ্ববিদ্যালয়ৰ স্নাতক নামভৰ্তিৰ তৃতীয় পর্যায় ৪ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব।দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰথম পর্যায়ত ৮০,১৬৪ জনৰ ভিতৰত ৭২,৮০০ৰো অধিক পৰীক্ষাৰ্থীয়ে তেওঁলোকক আবণ্টিত মহাবিদ্যালয় আৰু পাঠ্যক্ৰম গ্ৰহণ কৰিছে বুলি পঞ্জীয়ক বিকাশ গুপ্তাই পিটিআইক জনায়।