আগশাৰীৰ বৈদ্যুতিক আৰু চিকিৎসা সঁজুলি নিৰ্মাতা কোম্পানী ফিলিপছে ৪ হাজাৰ চাকৰি কৰ্তন কৰিব ৷ সোমবাৰে প্ৰতিষ্ঠানটোৱে এই কথা ঘোষণা কৰে ৷ অত্যাধিক লোকচানৰ বাবে প্ৰতিষ্ঠানটোৱে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ কোম্পানীটোৱে এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি ত্ৰুটিপূৰ্ণ মেচিনসমূহৰ বাবে ১.৩ বিলিয়ন ইউৰো লোকচানৰ সন্মুখীন হৈছে প্ৰতিষ্ঠানটো ৷
যোৱা ১২ বছৰ ইলেক্ট্ৰনিকছৰ পৰা চিকিৎসা সঁজুলি নিৰ্মাতা প্ৰতিষ্ঠানটোক নেতৃত্ব দিয়াৰ পিছতে চলিত বৰ্ষৰ আৰম্ভণিতে প্ৰতিষ্ঠানটোৰ পূৰ্বৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে পদত্যাগ কৰিছিল ৷
নতুন মুখ্য কাৰ্যবাহী ৰয় জেকবছে কয় যে তেওঁ উন্নতমানৰ সজুঁলি উৎপাদন কৰি ৰোগী, গ্ৰাহক আৰু শ্বেয়াৰহোল্ডাৰ তথা অন্যান্য অংশীদাৰসকলৰ বিশ্বাস পুনৰ গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ৷
জেকবছে কয় যে ফিলিপছে ৰোগীৰ সুৰক্ষা আৰু গুণগত মান ব্যৱস্থাপনা দুগুণলৈ বৃদ্ধি কৰিব আৰু যোগান শৃংখলৰ কাৰ্য্যকলাপ উন্নত কৰিব ৷ যাতে ই অৰ্ডাৰসমূহ ভালদৰে পূৰণ কৰিব পাৰে ৷ ফিলিপছত বৰ্তমান ১০০খন দেশত প্ৰায় ৮০ হাজাৰ লোকে কৰ্মৰত হৈ আছে।
জেকবছে কয় যে ফিলিপছৰ লাভজনক বৃদ্ধিৰ সম্ভাৱনাক বাস্তৱায়িত কৰিবলৈ আৰু আমাৰ সকলো অংশীদাৰৰ বাবে মূল্য সৃষ্টি কৰিবলৈ কোম্পানীটোক ঘূৰাই অনা আৰম্ভ কৰিবলৈ এই প্ৰাৰম্ভিক পদক্ষেপসমূহৰ প্ৰয়োজন।
জুলাই-ছেপ্টেম্বৰ সময়ছোৱাত প্ৰতিষ্ঠানটোৰ বিক্ৰীৰ পৰিমান হৈছে ৪.৩ বিলিয়ন ইউৰো ৷ যিটো যোগান শৃংখলৰ সমস্যাৰ বাবে যোৱা বছৰৰ একে সময়ৰ তুলনাত তুলনামূলকভাৱে পাঁচ শতাংশ কম ৷