আজি অসমৰ প্ৰথমগৰাকী মহিলা স্নাতক সুধালতা দুৱৰাৰ ওপজা দিন । ১৮৯৬ চনৰ আজিৰ দিনটোতে কলিকতাৰ হেৰিচন ৰোডত তেওঁৰ জন্ম হৈছিল । তেওঁ জেনানা মিছন স্কুল আৰু বেথুন কলেজিয়েট স্কুলৰ পৰা স্কুলীয়া শিক্ষা আহৰণ কৰাৰ পিছত বেথুন কলেজৰ পৰা সংস্কৃতত সন্মানসহ স্নাতক ডিগ্ৰী লয় । তাৰ পিছত কলিকতাৰ ডায়ছেছন কলেজৰ পৰা বিটি ডিগ্ৰী লাভ কৰি ১৯২৩ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা আধুনিক ভাৰতীয় ভাষা বিষয়ত প্ৰথম শ্ৰেণীৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে । বেথুন কলেজিয়েট স্কুলত শিক্ষকতাৰে কৰ্মজীৱনৰ পাতনি মেলি ১৯২৫ চনত তেওঁ এলাহাবাদ ক্ৰছৱেইট কলেজৰ অধ্যক্ষা হয় । পিছলৈ তেওঁ এলাহাবাদ আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ শিক্ষয়িত্ৰী হিচাপেও স্বীকৃতি লাভ কৰে । এলাহাবাদ বিশ্ববিদ্যালয়ৰ কোৰ্ট একাডেমিক কাউন্সিল আৰু পাঠ্যপুথি সমিতিৰো তেওঁ সভ্য আছিল । তেওঁ জীৱন কালত দুৰ্গাময়ী দেৱী পদক, ব্ৰহ্মময়ী পদক, উমেশ চন্দ্ৰ মুখাৰ্জী পদক আদি সন্মান লাভ কৰিছিল । নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ এটি ছাত্ৰী নিৱাস তেওঁৰ নামেৰে নামকৰণ কৰা হয় । এইগৰাকী বিদূষীলৈ আমাৰ প্ৰণাম ।
আজি বিশিষ্ট পুৰাতত্ত্ববিদ, লেখক তথা অধ্যাপক ডঃ ৰবীন দেৱচৌধুৰীৰ স্মৃতি দিৱস । পাটাছাৰকুছি বিদ্যাপীঠৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰি কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লৈ কিছুদিন তেওঁ পাটাছাৰকুছি বিদ্যাপীঠ, নমাটি হাই স্কুল আৰু পাটাছাৰকুছি বালিকা বিদ্যালয়ত শিক্ষকতা কৰে । তাৰ পিছত মধ্যপ্ৰদেশৰ সাগৰ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লৈ পুণে বিশ্ববিদ্যালয়ৰ পৰা প্ৰাক আহোম যুগৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰত্নতত্ত্ব বিষয়ত ডক্টৰেট ডিগ্ৰী অৰ্জন কৰে । ১৯৭০ চনত তেওঁ অসম ৰাজ্যিক সংগ্ৰহালয়ত কিউৰেটৰ হিচাপে যোগদান কৰি ১৯৮৩ চনত সঞ্চালক হয় আৰু ১৯৯৮ চনত ৰাজ্যিক প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ সঞ্চালক হয় । কিছুদিন তেওঁ কামৰূপ অনুসন্ধান সমিতিৰো সম্পাদক আছিল । ১৯৯৮ চনৰে ডিচেম্বৰ মাহত তেওঁ ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ সঞ্চালক প্ৰধানৰ পদত কাৰ্যনিৰ্বাহ কৰে আৰু ২০০৪ চনত তেওঁ তাৰ পৰা অৱসৰ গ্ৰহণ কৰে । তেজপুৰ বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণক্ৰমে তেওঁ তাৰ সাংস্কৃতিক অধ্যয়ন বিভাগত অধ্যাপনাও কৰিছিল । ভাৰতীয় সংগ্ৰহালয় সংস্থাই তেওঁক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰে । ২০২১ বৰ্ষৰ আজিৰ দিনটোতে গুৱাহাটীত তেওঁৰ দেহাৱসান ঘটে । প্ৰত্নতত্ত্ববিদগৰাকীলৈ আমাৰ প্ৰণাম ।