হৰিচৰণ ভূমিজ ,অভাৱে কোবাই যোৱা শিক্ষাৰ আধাৰহীন এখন ঘৰৰ পিতৃহীন এজন ল’ৰাই মাকৰ চাহপাত তোলা টকাৰে কঠোৰ সংগ্ৰাম কৰি সফলতা লাভ কৰা কথাটো অতিকে প্ৰশংসনীয় প্ৰেৰণাদায়ক কথা। অভাৱ যে সফলতাৰ অন্তৰায় হ’ব নোৱাৰে তাৰ উৎকৃষ্ট উদাহৰণ হ’ল হৰিচৰণ ভূমিজ।
বৰ্তমান সামাজিক মাধ্যম যোগে ৰাইজৰ সমাদৰ লাভ কৰিছে তেওঁৰ জীৱনৰ এই সঁচা কাহিনীয়ে।
সৰুতেই দেউতাকক হেৰুওৱা ল’ৰাজন যাক মাকে বাগানত চাহপাত ছিঙি কঠোৰ জীৱন সংগ্ৰাম কৰি ডাঙৰ কৰিছিল । অশিক্ষিতা মাতৃৰ ত্যাগ আৰু কষ্টৰ ফলত ল’ৰাই মেট্ৰিক পাছ কৰি বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ জে বি কলেজৰ পৰা কেমেষ্ট্ৰী বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি বাহিৰৰ কোম্পানী এটাত কাম কৰিবলৈ লয়।
হৰিচৰণৰ আছিল কিবা এটা হোৱাৰ বাবে দুৰ্বাৰ হেঁপাহ। যাৰ বাবে সেই সময়ত সৰ্বানন্দ সোনোৱাল মুখ্যমন্ত্ৰী হৈ থাকোতে প্ৰতিযোগিতা মূলক পৰীক্ষাৰ বাবে ফ্ৰী কোচিং ব্যৱস্থাৰ খবৰ শুনি অসমলৈ ঘূৰি আহি প্ৰতিযোগিতামূূলক পৰীক্ষাৰ প্ৰস্তুতি চলালে তেওঁ আৰু অৱশেষত অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা ২০২০ত অৱতীৰ্ণ হৈ ৪১সংখ্যক স্থান দখল কৰিবলৈ সক্ষম হ’ল।
হৰিচৰণ ভূমিজে APSCৰ সেইদিনা ঘোষণা কৰা ফলাফলত স্থান দখল কৰি নিশ্চয়কৈ সফলতাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হ’ল।
যোৰহাট জিলাৰ মৰিয়নি সমষ্টিৰ কঠালগুৰি চাহবাগানৰ হৰিচৰণ ভূমিজ নামৰ এইজন যুৱক এতিয়া আন দহজনৰ বাবে প্ৰেৰণাৰ উৎস।এগৰাকী নিৰক্ষৰ মাতৃয়ে বাগানত চাহ পাত ছিঙি কঠোৰ সংগ্ৰাম কৰি ডাঙৰ কৰা হৰিচৰণ ভূমিজৰ সফলতাই সমাজলৈ বহু ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে।সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত হৰিচৰণৰ মাকে কৈছিল যে কি হৈছে তেওঁ একো ধৰিব পৰা নাই।মনুহে কৈছে সি
চাকৰি পাইছে,চাকৰিতো সকলোৱে পাই থাকে।সি চাকৰি পালেও তেওঁ চাহপাত তুলিবলৈ যাবই লাগিব,ঘৰখন চলিব লাগিব ।
প্ৰকৃতাৰ্থত হৰিচৰণ ভূমিজৰ দৰে যুৱকসকল সমাজৰ আদৰ্শ ,সমাজৰ বাবে এক উজ্বল পোহৰ । আমাৰ তৰফৰ পৰাও তেওঁলৈ যাচিলো আন্তৰিক শুভ কামনা