হঠাৎ স্থবিৰ হৈ পৰিল জনপ্ৰিয় মেছেজিং এপ হোৱাটছএপৰ সেৱা ৷ আজি দিনৰ ১২ বজাৰ পৰা কেইবা ঘণ্টাজুৰি বিশ্বজুৰি অচল হৈ পৰে হোৱাটছএপৰ সেৱা ৷ এই সেৱাৰ ব্যৱহাৰকাৰীসকলে ব্যক্তিগত অথবা গ্ৰুপ মেচেজ প্ৰেৰণৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে ৷ জানিব পৰা মতে হোৱাটছএপ ব্যৱহাৰকাৰীসকলে মেচএজ পঠিয়াবও পৰা নাই আৰু তেওঁলোকলৈ কোনো মেচেয অহাও নাই ৷ যাৰ বাবে এই সেৱাৰ ২০০ কোটি ব্যৱহাৰকাৰী সমস্যাৰ সন্মুখীন হৈছে ৷
ইটালী আৰু তুৰস্কৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলেও মেছেজ প্ৰেৰণ কৰিব নোৱাৰাৰ বিষয়ে সদৰী কৰিছে ৷
হোৱাটছএপৰ উপৰিও ফেচবুক আৰু ইনষ্টাগ্ৰামৰ মালিক কোম্পানী মেটাৰ এগৰাকী মুখপাত্ৰই কয় –“ আমি সচেতন যে বৰ্তমান একাংশ লোকে মেছেজ প্ৰেৰণ কৰাত অসুবিধা পাইছে আৰু আমি সকলোৰে বাবে হোৱাটছএপ যিমান পাৰো সোনকালে পুনৰুদ্ধাৰ কৰাৰ বাবে কাম কৰি আছো।“