নৱপ্ৰজন্মক কাৰিকৰী শিক্ষাৰ প্ৰতি আগ্ৰহী কৰোৱাৰ লগতে এই বৃত্তিগত শিক্ষাৰে শিক্ষিত কৰি আত্মবিশ্বাসেৰে আত্মনিৰ্ভৰশীলতাৰ বাট বুলিবলৈ সক্ষম কৰি তোলাৰ লক্ষ্য আৰু উদ্দেশ্যৰে ধেমাজিৰ গোৱাল চাপৰি গাঁৱত স্থাপন হৈছে ‘জ্ঞানম কাৰিকৰী মহাবিদ্যালয়’ ।
কাৰিকৰী শিক্ষাৰ লগতে ছাত্ৰ-ছাত্ৰী সকল যাতে সাহিত্য-সংস্কৃতিৰ চৰ্চাকো সমানে গুৰুত্ব দিয়ে -ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ‘জ্ঞানম’ মহাবিদ্যালয়ে এখন ছপা আলোচনী প্ৰকাশ কৰাৰ সিদ্ধান্ত লৈছে। কাৰিকৰী প্ৰশিক্ষণৰ বিষয়বস্তুৰ উপৰিও আলোচনী খনত সন্নিবিষ্ট কৰা হ’ব কবিতা গল্প উপন্যাসিকা, ৰসৰচনা আৰু প্ৰৱন্ধৰ দৰে সাহিত্যৰ গুৰুত্বপূৰ্ণ শিতান সমূহ ।
‘জ্ঞানম’ৰ উদ্যোগত প্ৰকাশ পাব লগা এই আলোচনীখনৰ বিভিন্ন শিতানৰ বাবে আপোনালোকৰ পৰা আন্তৰিকতাৰে লেখা আহ্বান কৰা হৈছে।শিক্ষানুষ্ঠান কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে লেখা পঠিওৱাৰ অন্তিম তাৰিখ ২৩/১/২০২৩ ।
উল্লেখযোগ্য যে প্ৰতিটো শিতানৰ বাবে শ্ৰেষ্ঠ তিনিগৰাকী লেখক-লেখিকাক পুৰস্কৃত কৰা হ’ব ।
তলত দিয়া ই-মেইলত লেখা পঠাব পাৰিব।
email- [email protected]
ফোন- 9101029209
বি.দ্ৰ- আৰ্থিকভাৱে দুৰ্ব্বল ছাত্ৰ-ছাত্ৰীৰ বাবে ৩/৪ টা কিস্তিত নামভৰ্তি মাচুল দিয়াৰ সুবিধা এই প্ৰতিষ্ঠানত উপলবদ্ধ।