ইণ্ডোনেছিয়াৰ জাম্বিত সংঘটিত হ’ল এক আশ্চৰ্য্যকৰ ঘটনা ৷ এটা ২২ ফুট দীঘল অজগৰৰ পেটত উদ্ধাৰ কৰা হ’ল এগৰাকী ৫৪বছৰীয়া মহিলাৰ মৃতদেহ ৷ বৰ্তমান সময়ত সংবাদ মাধ্যমতো ভাইৰেল হৈ পৰিছে এই বাতৰি আৰু ২২ফুট দীঘল এই বিৰাটাকায় অজগৰটোৰ ফটো ৷
জনপ্ৰিয় সামাজিক মাধ্যম টুইটাৰত ‘ফক্স নিউজে’ কৰা এটি শেহতীয়া টুইট অনুসৰি জানিব পৰা গৈছে যে যোৱা শুকুৰবাৰে ইণ্ডোনেছিয়াৰ জাম্বিত ঘৰৰ ওচৰৰ বাগানত ৰবৰ সংগ্ৰহ কৰি থকা অৱস্থাত সন্ধানহীন হৈছিল জাৰা নামৰ এগৰাকী ৫৪ বছৰীয়া মহিলা ৷ সংবাদ মাধ্যমৰ মতে জাৰাৰ পৰিয়ালৰ সদস্যসকলে শুক্ৰবাৰে সন্ধিয়া তেওঁ সন্ধানহীন হোৱা বুলি জৰুৰীকালীন সেৱাসমূহলৈ ফোন কৰিছিল ৷ সেয়েহে জৰুৰীকালীন সেৱা সমূহেও ওচৰৰ অৰণ্য সমূহত তাৎক্ষণিকভাৱে মহিলাগৰাকীক বিচাৰি অনুসন্ধান আৰম্ভ কৰিছিল । কিন্তু দুখৰ বিষয় যে অৱশেষত দুদিনীয়া অনুসন্ধানৰ অন্তত এটা ২২ ফুট দৈৰ্ঘ্যৰ বিৰাটাকায় অজগৰৰ পেটত উদ্ধাৰ কৰা হয় জাৰা নামৰ এই ৫৪বছৰীয়া মহিলাগৰাকীৰ মৃতদেহ ।
Missing Indonesian grandmother eaten alive by 22-foot python https://t.co/WaNvzS0Oz7
— Fox News (@FoxNews) October 26, 2022