ছোৱালী জোকোৱা বদ অভ্যাস আছে নেকি আপোনাৰ ? যদি আছে তেতিয়াহ’লে এতিয়াৰ পৰা এই কুঅভ্যাস পৰিত্যাগ কৰক ৷ কিয়নো এগৰাকী কিশোৰীক অপমানসূচক মন্তব্য কৰি জোকোৱাৰ বাবেই মুম্বাই আদালতে এজন যুৱকক ডেৰ বছৰৰ কাৰাদণ্ড বিহিছে ৷
১৫ বছৰীয়া কিশোৰীক “আইটেম” বুলি অভিহিত কৰি যুৱকজনে অশালীন ব্যৱহাৰ কৰিছিল ৷ লঘু শাস্তি প্ৰাদান কৰিবলৈ অস্বীকাৰ কৰি মুম্বাইৰ স্থানীয় আদালতে কয় -“কোনো ধৰণৰ সম্পৰ্ক নথকা তথা কোনো ধৰণৰ সম্পৰ্কত নথকা সত্বেও তেওঁ যি ধৰণে ব্যৱহাৰ কৰিছে সেয়া অনুচিত ৷ আইটেম শব্দটো ব্যৱহাৰ কৰাটো গ্ৰহণযোগ্য নহয় ৷ “
বৰিভালিৰ আদালতে ২০ অক্টোবৰত সাত বছৰীয়া শুনানিৰ অন্তত ৰায়দান কৰি কয় যে যিকোনো ছোৱালীক ‘আইটেম’ শব্দটো ব্যৱহাৰ কৰি সম্বোধন কৰাটো স্পষ্টভাৱে অপমানজনক প্ৰকৃতিৰ।
লক্ষণীয় যে আব্ৰাৰ নুৰ মহম্মদ খান নামৰ লোকজনৰ লগতে তেওঁৰ বন্ধুসকলে কিশোৰী গৰাকীক সঘনাই হাৰাশাস্তি কৰাৰ অভিযোগ উঠিছে ৷ ২০১৫ চনৰ ১৪ জুলাইৰ এটা ঘটনাৰ পিছত কিশোৰীগৰাকী আৰু তেওঁৰ পিতৃ-মাতৃয়ে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছিল ৷ এদিন বিয়লি প্ৰায় ২.১০ বজাত ঘৰলৈ খোজ কাঢ়ি গৈ থকাৰ সময়ত খানে বন্ধুবর্গৰ সৈতে আহি কিশোৰী গৰাকীক চুলি টানি অসভ্যালি কৰাৰ লগতে ‘কিয়া আইটেম কিধৰ জা ৰহি হো’ বুলি অপমানসূচক মন্তব্য কৰিছিল ৷
আদালতে খানক যৌন নিৰ্যাতনৰ বাবে ভাৰতীয় দণ্ডবিধিৰ ৩৫৪ ধাৰা অনুসৰি ডেৰ বছৰৰ কাৰাদণ্ড আৰু যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা আইন অনুসৰি একেধৰণৰ শাস্তি প্ৰদান কৰে। দুয়োটা শাস্তি সমান্তৰালভাৱে চলিব ৷ গতিকে তেওঁ মাত্ৰ ১৮ মাহ কাৰাবাস খাটিব লাগিব । গ্ৰেপ্তাৰৰ পিছত ইতিমধ্যে প্ৰায় চাৰি মাহ ধৰি তেওঁ ন্যায়িক জিম্মাত আছিল