মেনিকিউৰ আৰু নেইল আৰ্ট নাৰীসকলৰ অতি প্ৰিয় বিষয় ৷ অৱশ্যে আজিকালি এই ক্ষেত্ৰত পিছপৰি ৰোৱা নাই পুৰুষ সকলো ৷ আজিকালি বহু পুৰুষেও নিজকে সজাই পৰাই ৰখাৰ লগতে নিজৰ হাতদুখন আৰু নখকেইটাও আকৰ্ষণীয় কৰি ৰখা দেখা যায় ৷
অৱশ্যে এই মেনিকিউৰ বা নেইল আৰ্ট এতিয়াৰ নহয় ইয়াৰ ইতিহাস প্ৰায় ৩০০০ বছৰ পুৰণি। যাক ইজিপ্তৰ ৰাণী নেফাৰ্টিটি আৰু ক্লিওপেট্ৰাই আৰম্ভ কৰিছিল। জেতুকা আৰু অন্যান্য উদ্ভিদৰ পৰা তেওঁ তৈয়াৰ কৰিছিল নখ আৰু হাতত লগোৱা ৰংসমূহ।
জেতুকা আৰু অন্যান্য উদ্ভিদৰ লগত ময়েশ্চাৰাইজ কৰিবলৈ প্ৰাকৃতিক তেল মিহলি কৰি তেওঁ নখৰ ৰং প্ৰস্তুত কৰিছিল। কিয়নো সেইসময়ত ৰঙীন মূৰ আৰু নখ থকাটো কোনো এজন লোকৰ সম্পদশালী আৰু স্থিতিৰ লক্ষণ আছিল।
নেইল পলিছ বা নেইল আৰ্টৰ এই দীঘলীয়া ইতিহাস উত্থান-পতনেৰে পৰিপূৰ্ণ। আজিৰ পৰা ৩০০০ বছৰ আগতে চীনাসকলে তেওঁলোকৰ আঙুলিত এনামেল ব্যৱহাৰ কৰিছিল। ইয়াক প্ৰয়োগ কৰি কেইঘণ্টামান ৰৈ দিয়াৰ পিছত নখত গুলপীয়া ৰং পৰিছিল। ইয়াৰ পৰাই নখৰ এই কলাৰ আৰম্ভণি হোৱা বুলি ক’ব পাৰি । আনহাতে ভাৰতীয়সকলেও প্ৰায় একে সময়তে জেতুকা পাতৰ পৰা ওলোৱা ৰং ব্যৱহাৰ কৰি এই নখকলা বা নেইলআৰ্ট আৰম্ভ কৰিছিল ৷
নখ কলাৰ আন এগৰাকী মাতৃ আছিল ইনকা সভ্যতা, যিয়ে তেওঁলোকৰ আঙুলিত ঈগলৰ ছবি অংকন কৰিছিল। দেৱতাসকললৈ সেৱা জনাই পবিত্ৰতাৰ প্ৰতীক হিচাপে বগা আধাৰৰ আৱৰণ এটা অংকন কৰিছিল আৰু যুদ্ধৰ সময়ত প্ৰতীক হিচাপে যুদ্ধকালীন শক্তি ৰঙা ৰঙৰ ঈগল অংকণ কৰিছিল ৷
১৯২০ আৰু ১৯৩০ৰ দশকত প্ৰখ্যাত ব্ৰেণ্ড কিউটেক্স আৰু ৰেভলনে এই ফেছ্যন জগতত এক আলোড়নৰ সৃষ্টি কৰিছিল ৷ ইয়াৰ গুলপীয়া আৰু ৰঙা ৰঙে সকলোকে আকৰ্ষিত কৰিছিল ৷কিয়নো ইয়াৰ আগতে জিন হাৰ্লোৰ দৰে অভিনেত্ৰীসকলে নখত হাই-গ্লছ কাৰ পেইণ্ট ব্যৱহাৰ কৰিছিল।
১৯৬০ৰ দশকত ফেশ্বন আৰু সৌন্দৰ্য উদ্যোগত এক ডাঙৰ পৰিৱৰ্তন দেখা গৈছিল। মেৰী কোৱান্টৰ দৰে ব্ৰেণ্ডে হালধীয়াৰ পৰা নীলা আৰু জিলিকি থকা নেইল পলিচ উদ্ভাৱন কৰি ফেশ্বন জগতত খলকনিৰ সৃষ্টি কৰিলে ।৭০ৰ দশকত, চেৰ ৰকিং স্কোৱেৰ টিপড নখ আৰু ফৰাচী মেনিকিউৰে চেলিব্ৰেটীসকলক নেইল আৰ্টৰ প্ৰতি আকৰ্ষিত কৰে। উনবিংশ শতিকাৰ আৰম্ভণিতে নখৰ নক্সাৰ আধুনিকীকৰণ ঘটিছিল। আনহাতে ১৮৩০ চনৰ আশে পাশে আধুনিক মেনিকিউৰ আৰম্ভ হৈছিল।
আজিৰ সময়ত বহুলোকে বিভিন্ন নখকলা তৈয়াৰ কৰে ৷ আনকি এনে চলচ্চিত্ৰও আছে যি নখৰ ফেশ্বনক অনুপ্ৰেৰণা যোগায় । আনহাতে জেতুকাৰ সৈতে বিভিন্ন নেইল পলিছ আৰু ডিজাইন আজিৰ ফেশ্বনৰ পৃথিৱীত বহুল ভাৱে জনপ্ৰিয় ।