ভূ-স্বৰ্গ ৰূপে খ্যাত কাশ্মীৰত মহিলাৰ বিৰুদ্ধে সংঘটিত হোৱা হিংসাত্মক ঘটনা সংখ্যা দেশৰ ভিতৰতে হয়তো অধিক ৷ আনহাতে ইয়াত বছৰ বছৰ ধৰি মহিলাসকল ভাবুকিৰ সন্মুখীন হৈ আহিছে।এই একবিংশ শতিকাতো কাশ্মীৰৰ মহিলাসকলক বিবাহৰ বাবে চাকৰি, শিক্ষা আৰু নিজৰ সকলো সপোন ত্যাগ কৰিবলৈ বাধ্য কৰা হয়। অৱশ্যে এইখন ঠাইৰে এগৰাকী মহিলা যি আন দুৰ্বল নাৰীসকলতকৈ কিছু ব্যতিক্ৰম ৷ কুপৱাৰাৰ এখন পিছপৰা গাঁৱত বাস কৰা চাব্ৰিনা খালিক নামৰ এগৰাকী মহিলাই শেহতীয়াকৈ এই নিয়ম ভংগ কৰি আন মহিলাসকলো অনুপ্ৰাণিত কৰিছে । বিয়াৰ পিছতো পুনৰ অধ্যয়ন কৰাৰ কথা ভবা এইগৰাকী চাব্ৰিনাই কেতিয়াও সাহস হেৰুওৱা নাছিল, নিজৰ ল’ৰা-ছোৱালী ডাঙৰ নোহোৱালৈকে অপেক্ষা কৰিছিল তেওঁ ৷
চাব্ৰিনা খালিক
মূল কাশ্মীৰৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ দূৰত শ্ৰীনগৰৰ বাসিন্দা চাব্ৰিনা খালিক তিনিটা সন্তানৰ মাতৃ । কাশ্মীৰৰ বহুতো মহিলাৰ দৰে, চাব্ৰিনাও কিশোৰী অৱস্থাত বিবাহপাশত আৱদ্ধ হৈছিল, কিন্তু সদায় তেওঁ অধ্যয়ন কৰাৰ সপোন দেখিছিল ৷
২০১৩ চনত বিয়া হৈছিল চাব্ৰিনাৰ আৰু বিয়া হোৱাৰ পিছতে তেওঁ পৰিয়ালৰ যত্ন ল’বলৈ আৰম্ভ কৰিছিল, সেয়েহে তেওঁ পঢ়াশুনাত মনোনিৱেশ কৰিবলৈ সক্ষম হোৱা নাছিল আৰু সন্তান হোৱাৰ পিছত তেওঁ অধিক ব্যস্ত হৈ পৰিছিল। যেতিয়া তেওঁ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বিষয়ে ভাবিছিল তেতিয়া ইয়াক এক অসম্ভৱ কাম যেন অনুভৱ কৰিছিল ৷ কিন্তু তেওঁৰ শহুৰেক আৰু স্বামীৰ চৰ্তহীন সমৰ্থনত, চাব্ৰিনাই ৯ বছৰৰ পিছত পুনৰ কিতাপ তুলিবলৈ সাহস কৰে ৷
চাব্ৰিনাৰ বাবে পুনৰ শিক্ষা আৰম্ভ কৰাটো সহজ নাছিল ৷ আৰম্ভণিতে পাঠবোৰ বুজা আৰু পঢ়াশুনাত মনোনিবেশ কৰাটো তেওঁৰ বাবে অতি কঠিন আছিল কাৰণ তেওঁ ৯বছৰৰ পিছত পুনৰ কিতাপ পঢ়া আৰম্ভ কৰিছিল ৷ যি কেতিয়াবা তেওঁক উদ্বিগ্ন কৰি তুলিছিল ৷
চাব্ৰিনাৰ মতে সাহস হৈছে মহিলাসকলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সম্পদ , এগৰাকী মহিলাই তেওঁৰ সপোন বোৰ দিঠক কৰিবলৈ শক্তিশালী হৈ থাকিব লাগিব, কেৱল সমাজক সন্তুষ্ট কৰিবলৈ কেতিয়াও মহিলাই সপোন ত্যাগ কৰিব নালাগে ৷
অৱশ্যে চাব্ৰিনাৰ স্বামীয়ে তেওঁৰ সপোনবোৰ দিঠকত পৰিণত কৰিবলৈ তেওঁক সদায় সমৰ্থন কৰি আহিছিল আৰু তেওঁ চাব্ৰিনাক টিউচন দিয়াৰো ব্যৱস্থা কৰিছিল ৷ যেতিয়া দশম শ্ৰেণীৰ ফলাফল ঘোষণা কৰা হৈছিল চাব্ৰিনা খালিকে ৯৩.৪% নম্বৰ লাভ কৰি কাশ্মীৰৰ শীৰ্ষস্থান দখল কৰিছিল।তেওঁলৈ আত্মীয় আৰু চুবুৰীয়াসকলৰ পৰা বাৰ্তা আৰু ফোন কল আহিবলৈ আৰম্ভ কৰিছিল।সৰ্বাধিক নম্বৰৰ সৈতে দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত চাব্ৰিনাই এতিয়া একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠগ্ৰহণ কৰিবলৈকো সংকল্পবদ্ধ হৈছে ৷
সন্ধিয়া চাব্ৰিনাই ইউটিউব ভিডিঅ’ৰ সহায়ত আটাইতকৈ কঠিন প্ৰশ্নবোৰ সমাধান কৰিছিল ৷ আনহাতে তেওঁৰ বিবাহিত ভগ্নীয়েও তেওঁৰ পাঠ্যক্ৰম প্ৰস্তুত কৰাত যথেষ্ট সহায় কৰিছিল যাৰ বাবে চাব্ৰিনা চিৰকৃতজ্ঞ ৷