তালিবানৰ দখলত যোৱা আফগানিস্তাৰ সমাজ ব্যৱস্থাই এতিয়া কেনে ৰূপ ধাৰণ কৰিছে সেই বিষয়ে এতিয়া বিশ্ববাসীয়ে জানিবলৈ বা দেখিবলৈ বাকী নাই। ইতিমধ্যে ৰাজধানী চহৰ কাবুলৰ সংঘটিত হোৱা কেইবাটাও হৃদয় বিদাৰক ঘটনা বিশ্ববাসীয়ে প্ৰত্যক্ষ কৰিছে।
প্ৰাণৰ আশাত যেনেকৈ উৰন্ত বিমানত উঠি পলায়ন কৰা দুজন ব্যক্তি আকাশৰ পৰা সৰি পৰি মৃত্যুক সাৱটি লৈছিল।হাজাৰ হাজাৰ লোকে কেনেকৈ নিজ দেশলৈ আহিবলৈ বিমান বন্দৰত ভিৰ কৰিছিল।
সামাজিক মাধ্যমত বিয়পি পৰা এই ভয়ানক দৃশ্য সমূহ চাই এতিয়া আৰু বিশ্ববাসীৰ বুজিবলৈ বাকী নাই যে আচলতে কি হৈছে দেশখনত। ইয়াৰপিছতে মংগলবাৰে ভাইৰেল হোৱা অন্য এটা হৃদয় বিদাৰক দৃশ্যই আফগানিস্তানত মানৱীয়তাৰ চৰম পতনৰ অন্য এটা দিশ উদঙাই দেখুৱালে।
সামাজিক মাধ্যমত বহুলভাৱে বিয়পি পৰা এই ভিডিঅ‘টো হৈছে এটি কণমানি কেচুৱাৰ। এটা প্লাষ্টিকৰ বাস্কেটৰ ভিতৰত কান্দি থকা অৱস্থাত উদ্ধাৰ হৈছে এই দেৱশিশুটো।নিজৰ মাতৃক বিচাৰি কান্দি থকা এই শিশুটিৰ অনুমানিক বয়স মাত্ৰ ৭ মাহ।
জানিব পৰা মতে কেঁচুৱাটো এটি কন্যা শিশু। মানুহৰ ভিৰৰ মাজত কাবুল বিমান বন্দৰত এই দেৱ শিশুটি পিতৃ-মাতৃৰ পৰা পৃথক হৈ পৰিছিল।অৱশ্যে আফগানিস্তানৰ অস্বাকা সংবাদ সংস্থাই কাবুলৰ পিডি-৫ ত বাস কৰা পিতৃ-মাতৃক বিচাৰি উলিয়াই কেঁচুৱাটো পৰিয়ালটোৰ হাতত গতাই দিয়ে।
বিশ্ব জুৰি আফগানিস্তানৰ এই দৃশ্য বিয়পি পৰাত সামাজিক মাধ্যমত এতিয়া বহু লোকে আফগানিস্তাৰ এই পৰিস্থিতিৰ বাবে বিশ্ব শক্তি আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থা তথা বিশ্বৰ শক্তিশালী দেশ সমূহক নীৰৱতাৰ প্ৰশ্ন তুলি তীব্ৰ ভাষাৰে সমালোচনা কৰা দেখা গৈছে।