অসমৰ সাংস্কৃতিক জগতৰ ,বিশেষকৈ অসমীয়া চলচ্চিত্ৰ জগতৰ এক স্বনামধন্য নাম শ্ৰী নিপন গোস্বামী ৷ যি গৰাকী ব্যক্তি আজি কিছুদিন ধৰি চিকিৎসাধীন হৈ আছিল ,সেইগৰাকী জনপ্ৰিয় তথা অসমৰ অভিনয় জগতৰ এগৰাকী জ্যেষ্ঠ শক্তিশালী অভিনেতাই আজি কায়িক ভাৱে মেলানি মাগিলে সকলোৰে পৰা ৷ আজি পুৱা গুৱাহাটীৰ নেমকেয়াৰ চিকিৎসালয়ত প্ৰবীণ অভিনেতা গৰাকীৰ মৃত্যু হয়।
অভিনেতাগৰাকীয়ে আজি কিছুদিন ধৰি হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগত ভুগি আছিল। অৱশ্যে, তেওঁৰ অৱস্থা হঠাতে অৱনতি হোৱাৰ পিছত, তেওঁক ২৪ অক্টোবৰত ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু নেমকেয়াৰ হাস্পতালৰ ইনটেনচিভ কেয়াৰ ইউনিটত (আইচিইউ) পৰ্যৱেক্ষণত ৰখা হৈছিল অভিনেতা নিপন গোস্বামীক ।কিন্তু অৱশেষত আজি পুৱা ৯.১৫বজাত তেওঁ যেন নিয়ঁতিৰ ওচৰত হাৰ মানে ৷
অসমীয়া চলচ্চিত্ৰ জগতৰ সৈতে জড়িত নিপন গোস্বামী এজন সুদক্ষ অভিনেতা অসমৰ অভিনয় জগতখনলৈ যাৰ অৱদান অপৰিসীম ৷ প্ৰথমতে এজন মঞ্চ অভিনেতা হিচাপে অভিনয় জীৱন আৰম্ভ কৰাৰ পিছত নিজকে এজন চলচ্চিত্ৰ অভিনেতা হিচাপে প্ৰতিষ্ঠা কৰা তেওঁ অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ এজন প্ৰবীণ অভিনেতা,যি আছিল নৱপ্ৰজন্মৰো পথদ্ৰষ্টা ।
১৯৪৭চনৰ ৩ছেপ্টেম্বৰত অসমৰ তেজপুৰৰ কলিবাৰীত অভিনেতাগৰাকীৰ জন্ম হৈছিল।তেওঁৰ পিতৃ চন্দ্ৰধৰ গোস্বামী আছিল সেইসময়ৰ এজন বিখ্যাত অভিনেতা আৰু মাতৃ নিৰুপমা গোস্বামী আছিল এগৰাকী সু-গায়িকা। কলিবাৰী এলপি স্কুলৰ পৰা প্ৰাথমিক শিক্ষা সাং কৰিছিল অভিনেতা নিপন গোস্বামীয়ে ৷ পৰৱৰ্তী সময়ত কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ পুনে ফিল্ম ইনষ্টিটিউটৰ সাক্ষাৎকাৰৰ বাবে কলিকতালৈ যায়। ১৯৬৫ চনত তেওঁ অভিনয়ৰ প্ৰশিক্ষণৰ বাবে পুনেলৈ যায়। উল্লেখনীয় যে ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ (এফটিআইআই) অভিনয় প্ৰশিক্ষণৰ সময়ছোৱাত সুভাষ ঘাই, নবীন নিচোল, শত্ৰুঘ্ন সিনহা আদিৰ দৰে ভাৰতৰ বহু আগশাৰীৰ অভিনেতা তেওঁৰ সহপাঠী আছিল।
১৯৫৭ চনত ফণী শৰ্মাৰ দ্বাৰা পৰিচালিত পিয়লি ফুকন চলচ্চিত্ৰত তেওঁ শিশু শিল্পী হিচাপে অসমৰ চলচ্চিত্ৰ উদ্যোগত আত্মপ্ৰকাশ কৰে। এজন মুখ্য অভিনেতা হিচাপে, সংগ্ৰাম তেওঁৰ প্ৰথমখন অসমীয়া চলচ্চিত্ৰ যাক অসমৰ ৰাইজে আদৰি লৈছিল । ১৯৬৯ চনত মুক্তি প্ৰাপ্ত তেওঁৰ পৰৱৰ্তী চলচ্চিত্ৰ ড০ বেজবৰুৱাই তেওঁক পৰৱৰ্তী সময়ছোৱাত বহু চলচ্চিত্ৰত অভিনয় কৰিবলৈ স্বীকৃতি প্ৰদান কৰিছিল যাৰ পিছত আৰু পিছলৈ ঘূৰি চাব লগা হোৱা নাছিল তেওঁ। কেৱল অসমীয়াই নহয় চৰিত্ৰ অভিনেতা হিচাপে কেইখনমান হিন্দী চলচ্চিত্ৰতো অভিনয় কৰিছিল তেওঁ ৷
প্ৰথম অৱস্থাত তেওঁ ভ্ৰাম্যমাণ থিয়েটাৰৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ আছিল, বিশেষকৈ আবাহান, কহিনুৰ, হেঙুল আৰু শকুন্তলা এইকেইখন ভ্ৰাম্যমান থিয়েটাৰৰ সৈতে। ‘ঋতু আহে ঋতু যায়’ৰ দৰে কেইখনমান টিভি ধাৰাবাহিকতো অভিনয় কৰি দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিছিল অভিনেতা গৰাকীয়ে ৷ ।
আজি প্ৰবীণ অভিনেতা গৰাকীৰ মৃত্যুত শোকস্তব্ধ সমগ্ৰ অসমবাসী ৷ তেওঁলৈ যাচিলোঁ আমাৰ অশ্ৰু অঞ্জলি ৷