ভাৰতবৰ্ষত ভাতৃ-ভগ্নীৰ সম্পৰ্ক কেনে বুলি যদি প্ৰশ্ন কৰা হয় তেন্তে তাৰ উত্তৰত আমি ৰামায়ণ,মহাভাৰতৰ দৰে মহাকাব্যৰ কথাও আঙুলিয়াই দিব পাৰোঁ ৷ ৰামায়ণত ভাতৃ-ভগ্নী ৰাৱণ আৰু শূৰ্পনখাৰ যি কাহিনী সেই কাহিনীয়েই প্ৰমাণ কৰে যে ভাতৃসকলৰ নিজ ভগ্নীৰ প্ৰতি দায়িত্ববোধ কিমান নাইবা এগৰাকী ভগ্নীয়ে নিজ ভাতৃক কিদৰে পিতৃসম জ্ঞান কৰে আৰু সন্মান কৰে ৷ অৱশ্যে সেয়েহে ভাৰতীয় সভ্যতাত ভাতৃ-ভগ্নীৰ নামত উদযাপন কৰা হয় বিশেষ দিন ৷ যাৰ ফলত ভাতৃ-ভগ্নীৰ এই সম্পৰ্ক অধিক দৃঢ় হয় ৷
ভাৰতৰ সৰ্বসাধাৰণ ৰাইজ,বিশেষকৈ নেপালী ভাষী লোকসকলৰ লগতে অন্যান্য লোকসকলেও এই দিনটো আন্তৰিকতাৰে উদযাপন কৰে ৷ আজি সমগ্ৰ ভাৰততে পালন কৰা হৈছে এই ভাতৃ-দ্বিতীয়া বা ভাইদুজ উৎসৱ ৷
আজি ভাইদুজ উপলক্ষে বলীউড চুপাৰষ্টাৰ চলমান খানে ছচিয়েল মিডিয়াত তেওঁৰ ফটো পোষ্ট কৰি অনুৰাগীসকলক এই ভাই দুজৰ শুভেচ্ছা জ্ঞাপন কৰিছে । বলীউডৰ এই জনপ্ৰিয় অভিনেতা গৰাকীৰো আছে দুগৰাকী ভগ্নী । চলমান খানৰ ডাঙৰ গৰাকী ভগ্নীৰ নাম আলভিৰা আৰু সৰু গৰাকী ভগ্নীৰ নাম অৰ্পিতা খান।দুয়োগৰাকীয়েই চলমান খানৰ অতি মৰমৰ ৷ অৱশ্যে অৰ্পিতাৰ লগত চালমান অলপ বেছি ঘনিষ্ঠ । যিমানেই ব্যস্ত নহওঁক কিয় অৰ্পিতাৰ প্ৰতিটো সুখৰ মূহুৰ্তত অৰ্পিতাৰ কাষত থিয় হয় তেওঁ।
ঠিক তেনেকৈয়ে চলমানৰ ওপৰিও, বলীউডত আন বহুতো এনে চেলিব্ৰেটী আছে যি ভাই-ভনীৰ লগতে অতি ভাল বন্ধুও ৷তেনে দুই ভাতৃ-ভগ্নী হ’ল চাৰা আলী খান আৰু তেওঁৰ ভাতৃ ইব্ৰাহিম। দুয়োজনৰ এই মৰম,আন্তৰিকতা বন্ধন সামাজিক মাধ্যমতো প্ৰায়ে দেখা যায়।
হুমা কুৰেছি আৰু চাকিব ছালিম দুই ভাতৃ-ভগ্নীও বলীউডত সক্ৰিয়। দুয়োজনৰে ইজনে সিজনৰ সৈতে আছে এক সুন্দৰ বন্ধন ।
আনহাতে আথিয়া চেট্টীও তেওঁৰ ভাতৃ আহানৰ খুব ঘনিষ্ঠ লগতে দুয়োজন ভাল বন্ধুও। ভাললগা কথাটো হ’ল যে এই দুই ভাতৃ-ভগ্নীয়ে অৱসৰৰ সময়তো একেলগে ফুৰিবলৈ যায়।
আন এগৰাকী আকৰ্ষণীয় অভিনেত্ৰী সোনম কাপুৰেও তেওঁৰ অভিনেতা ভাতৃ হৰ্ষবৰ্ধনক যেন তেওঁৰ জীৱন হিচাপে গণ্য কৰে।
আনফালে জনপ্ৰিয় অভিনেতা টাইগাৰ শ্ৰফ আৰু তেওঁৰ ভগ্নী কৃষ্ণাৰ সম্পৰ্কও অতি গভীৰ । সামাজিক মাধ্যমতো সময়ে সময়ে দুয়োৰে মাজত যে এক অটুত বান্ধোন আছে সেই কথা স্পষ্ট কৈ প্ৰকাশ পায় ৷