কোচ ৰাজবংশী জনগোষ্ঠীৰ নতুন সংগঠনে পুনৰ বিভাজন কৰিব নেকি বৃহত্তম জাতিটোক ? কোচ ৰাজবংশী জনগোষ্ঠীৰ মাজত আন এক নতুন সংগঠনৰ জন্মক লৈ প্ৰতিক্ৰিয়া আৰম্ভ ৷ দুধনৈত নতুন সংগঠনৰ বিৰুদ্ধে গোৱালপাৰা জিলাৰ তিনিটাকৈ কোচ ৰাজবংশী সংগঠনৰ সংবাদমেল ৷ গোৱালপাৰা জিলা “কামতা কোচৰাজবংশী মহাসংঘ” নামৰ নতুন সংগঠনৰ জিলা সমিতি গঠন ৷
দুধনৈ পৰিদৰ্শন ভৱনত গোৱালপাৰা জিলা আক্ৰাছু, জিলা কোচ ৰাজবংশী সন্মিলনী আৰু মহিলা সমিতিৰ যৌথ সংবাদমেল ৷ সংবাদমেলত তিনিওটা সংগঠনৰ হুংকাৰ – গোৱালপাৰা জিলাত কোচ ৰাজবংশী জনগোষ্ঠীৰ মাজত কোনো বিভাজন হবলৈ দিয়া নহব ৷
গোৱালপাৰাত অতিজৰে পৰা আক্ৰাছু, কোচ ৰাজবংশী সন্মিলনী আৰু মহিলা সমিতিয়ে জাতিটোৰ বিভিন্ন অমীমাংসিত সমস্যা সমাধানৰ ক্ষেত্ৰত ঐক্যবদ্ধভাৱে কাম কৰি আহিছে ৷ আনকি যি সময়ত কেন্দ্ৰীয় পৰ্যায়ত আক্ৰাছুকে ধৰি কেইবাটাও সংগঠনে বহুধাবিভক্ত হৈ আহিছে তেনে সময়তো গোৱালপাৰাত কোনো বিভাজন নহোৱাকৈ জাতীয় কামকাজ চলাই আহিছে ৷ তেনে সময়তে আক্ৰাছু আৰু সন্মিলনীৰ একাংশ প্ৰাক্তন নেতাই নতুন সংগঠনৰ জিলা সমিতি গঠন কৰাক লৈ জাঙুৰ খাই উঠিছে সংগঠন কেইটা ৷
তিনিওটা সংগঠনৰ অভিযোগ, নিজৰ স্বাৰ্থ সিদ্ধি কৰিবৰ বাবে একাংশ প্ৰাক্তন নেতাই নতুন সংগঠন জন্ম দি পুনৰ জনগোষ্ঠীটোৰ ৰাইজৰ মাজত বিভাজন আনিব বিচাৰিছে ৷ সেয়ে বিভাজনকামী কাৰ্যক তীব্ৰ গৰিহণা দিয়ে সংগঠন কেইটাই ৷ সংগঠন কেইটাৰ আশংকা গোৱালপাৰা জিলাৰ সীমিত সংখ্যক কোচ ৰাজবংশী ৰাইজৰ মাজত বিভাজনৰ সৃষ্টি কৰিব নতুন সংগঠনটোৱে ৷
উল্লেখ্য যে, গোৱালপাৰা জিলাত যোৱা ১৬ অক্টোবৰত সংগঠনটোৰ নতুন সমিতিখন গঠন হয় ৷ তাৰ পিছতে যোৱা ২২ অক্টোবৰ তাৰিখে উল্লেখিত তিনিওটা সংগঠনে যৌথ কাৰ্যনিৰ্বাহক সভা যোগে গোৱালপাৰাত নিষিদ্ধ ঘোষণা কৰে সংগঠনটোক ৷
সংগঠন কেইটাৰ সকিয়নী জিলাখনৰ পৰিসীমাৰ ভিতৰত কোনো সভা সমিতি অনুষ্ঠিত কৰিব নোৱাৰিব সংগঠনটোৱে ৷ অন্যথা আগন্তুক দিনত হ’বপৰা যিকোনো পৰিস্থিতিৰ বাবে সংগঠনকেইটা জগৰীয়া নহব ৷
নতুন সংগঠনৰ পৰিৱৰ্তে পূৰ্বৰ সংগঠন কেইটাৰ লগত একেখন মঞ্চত থাকি জনগোষ্ঠীটোৰ অমীমাংসিত সমস্যা সমুহ সমাধানৰ ক্ষেত্ৰত কাম কৰিবলৈ আহ্বান জনায় সংগঠন তিনিটাই ৷