পাকিস্তানে নিজৰ অধিকৃত কাশ্মীৰৰ বাসিন্দাৰ ওপৰত অত্যাচাৰ চলাই অহাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ পাকিস্তানে অধিকাৰ কৰি থকা কাশ্মীৰত বাস কৰ লোকসকলক কৰি অহা অত্যাচাৰৰ পৰিণাম ভুগিব লাগিব বুলিও তেওঁ সকীয়াই দিয়ে ৷
পাকিস্তান অধিকৃত কাশ্মীৰ (PoK) উদ্ধাৰৰ ইংগিত দি মন্ত্ৰীগৰাকীয়ে কয় যে জম্মু-কাশ্মীৰৰ পৰা লাডাখলৈকে এই কেন্দ্ৰীয় শাসিত অঞ্চলৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্য গিলগিট আৰু বাল্টিস্তান লাভ কৰাৰ পিছতহে পুৰণ হ’ব ৷
‘শৌৰ্য দিবাস’ অনুষ্ঠানত ভাষণ দি সিঙে কয় ,” আমি মাত্ৰ জম্মু-কাশ্মীৰ আৰু লাডাখত আমাৰ উন্নয়নৰ যাত্ৰা আৰম্ভ কৰিছো। আমি যেতিয়া গিলগিট আৰু বাল্টিস্তানত উপস্থিত হ’ম, তেতিয়া আমাৰ লক্ষ্যত উপনীত হ’ম ৷”
পাক অধিকৃত কাশ্মীৰত পাকিস্তানে জনসাধাৰণৰ ওপৰত কৰা “অত্যাচাৰ”ৰ কথা উল্লেখ কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে চুবুৰীয়া দেশখনে তাৰ পৰিণাম বহন কৰিব লাগিব।
তেওঁ কয় যে সন্ত্ৰাসবাদৰ কোনো ধৰ্ম নাই, সন্ত্ৰাসবাদীৰ একমাত্ৰ লক্ষ্য হৈছে ভাৰতক লক্ষ্য কৰি লোৱা।
সিঙে কয় যে ২০১৯ চনৰ ৫ আগষ্টত কেন্দ্ৰই ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ সিদ্ধান্তই জম্মু-কাশ্মীৰত জনসাধাৰণৰ ওপৰত চলি থকা বৈষম্যৰ অন্ত পেলায়।২০১৯ চনৰ ৫ আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত জম্মু-কাশ্মীৰৰ জনসাধাৰণৰ বিৰুদ্ধে চলি থকা বৈষম্যৰ অন্ত পেলালে ৷