এইখন পৃথিৱীতে এনে বহু আশ্চৰ্য্যকৰ ঠাই আছে যি ঠাইৰ বিষয়ে আমাৰ মাজৰ বহুতেই জ্ঞাত নহয় ৷ এনে আশ্চৰ্যকৰ ঠাইসমূহৰ ভিতৰত পৃথিৱীত এনে ৫খন ঠাই আছে য’ত সাগৰ আৰু মৰুভূমি মিলিত হৈছে ৷ শুনাত আচহুৱা যেন লাগিলেও এই কথা সঁচা ৷ মৰুভূমি আৰু সাগৰ মিলিত হোৱা এই ঠাইসমূহৰ ভিতৰত এখন ঠাই হৈছে আফ্ৰিকা ৷ য’ত চাহাৰা মৰুভূমি আটলান্টিক মহাসাগৰৰ সৈতে মিলিত হৈছে ৷ চাহাৰাক পশ্চিমে আটলান্টিক মহাসাগৰ আৰু পূবে লোহিত সাগৰে স্পৰ্শ কৰে। এই ঠাইখনৰ চাৰিওফালে কিছুমান চহৰো আছে। ৰঙা আৰু হালধীয়া ৰঙেৰে অংকিত ধুনীয়া সৰু সৰু ঘৰবোৰে এই ঠাইখনৰ সৌন্দৰ্য বৃদ্ধি কৰিছে। আনহাতে আটলান্টিক মহাসাগৰ আৰু এটলাস পৰ্বতমালাৰ মাজত শ শ পুৰণি শিলৰ স্মাৰকো আছে ৷
সাগৰ আৰু মৰুভূমি মিলিত হোৱা তেনে আন এক ঠাই আছে অষ্ট্ৰেলিয়াত: অষ্ট্ৰেলিয়াৰ মৰুভূমি ইয়াত ভাৰত মহাসাগৰৰ সৈতে মিলিত হৈছে ৷ অষ্ট্ৰেলিয়াৰ পাৰ্থ চহৰ ইয়াৰ উপকূলীয় চহৰসমূহৰ বাবে জনাজাত, যি চহৰ চূণ-পাথৰেৰে আগুৰি আছে। ইয়াতো মৰুভূমি আৰু সাগৰৰ মিলন অতি ধুনীয়া । ভাৰত মহাসাগৰৰ উজ্জ্বল নীলা পানীত যেন মিলিত হৈছে এই মৰুভূমিৰ শিলবোৰ । উল্লেখযোগ্য যে এই মহাসাগৰখন দেশৰ কিছুমান শ্ৰেষ্ঠ প্ৰবাল প্ৰাচীৰৰ বাবে জনাজাত।
চিলিৰ আটাকামা মৰুভূমি প্ৰশান্ত মহাসাগৰৰ সৈতে মিলিত হোৱাৰ দৃশ্যও অতি আকৰ্ষণীয় ৷ সাগৰ আৰু মৰুভূমি ইয়াত উত্তৰ চিলিৰ এণ্টোফাগাষ্টা অঞ্চলত মিলিত হয়। এই ঠাইখন কেইবাখনো চহৰে আগুৰি আছে। ইয়াৰ সাগৰীয় ঢৌ আৰু দীঘল প্ৰাকৃতিক সমুদ্ৰতীৰ দেখি সকলো মুগ্ধ হয়। চিলিৰ এই দৃশ্য দম্পতিসকলৰ বাবে যথেষ্ট ৰোমান্টিক। লছ ফ্লেমেঙ্কোছ নেচনেল ৰিজাৰ্ভৰ লুনাৰ ভেলী এই অঞ্চলটোৰ এক অন্যতম শ্ৰেষ্ঠ স্থান।
আনহাতে এণ্টাৰ্কটিকাত মেৰু মৰুভূমি সাগৰৰ সৈতে মিলিত হোৱাৰ দৃশ্যয়ো সকলোৰে নয়ন জুৰায়৷ সাধাৰণতে মৰুভূমি বুলি ক’লেই আমি সাধাৰণতে গৰম আৰু শুকান ঠাইৰ কথাকেই কল্পনা কৰোঁ ৷ কিন্তু এণ্টাৰ্কটিকাৰ মেৰু মৰুভূমি কিছু পৃথক। ইয়াৰ জলবায়ু বৰ ঠাণ্ডা য’ত আপুনি সকলোতে বৰফ দেখা পাব। মৰুভূমিত ঠাণ্ডা বুলি শুনি আপুনি আচৰিত হ’ব পাৰে, কিন্তু ই একেবাৰে সঁচা। এই বৰফযুক্ত এণ্টাৰ্কটিকা মেৰু মৰুভূমি সমগ্ৰ মহাদেশখনতে বিয়পি আছে। যেতিয়া মেকমাৰ্ডো শুকাই যায় তেতিয়া এই মৰুভূমি এণ্টাৰ্কটিকাৰ উপকূলত উজ্জ্বল নীলা পানীৰ সৈতে মিহলি হয়।
আটলান্টিক মহাসাগৰৰ সৈতে মিলিত হৈছে আফ্ৰিকাৰ নামিব মৰুভূমি:-
নামিব মৰুভূমি হৈছে ইউনেস্কোৰ বিশ্ব ঐতিহ্যক্ষেত্ৰ। এই বিখ্যাত মৰুভূমি আটলান্টিক মহাসাগৰৰ সৈতে মিলিত হয়। এই অঞ্চলত জনসংখ্যাও বেছি নহয় আৰু অঞ্চলটোৰ কিছুমান মুখ্য আকৰ্ষণৰ ঠাই হ’ল ডৰোব ৰাষ্ট্ৰীয় উদ্যান আৰু নামিব-নাউকলুফ্ট ৰাষ্ট্ৰীয় উদ্যান।