৩১নং ৰাষ্ট্ৰীয় ঘাইপথ বৰ্তমান দুচকীয়া বাহন বাবে হৈ পৰিছে মৰাণফাণ্ড
মুল প্ৰতিবেদনৰ পুৰ্বেই চাই লওক কেইটামান দৃশ্য ।
আপুনি যদি আজিৰ তাৰিখত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰে যাত্ৰা কৰিছে তেতিয়াহলে হওক সাৱধান ।
নহলে বিপদ নিশ্চিত ।
উল্লেখ্য যে, ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ কোনো কোনো ঠাইত পথটো মেৰামতিৰ নামত পথটোৰ আধা ভাগ খান্দিছে ঠিকাদাৰে, যাৰফলত পথটোত সৃষ্টি হৈছে গাঁতৰ আৰু ওখ লাইন এটাৰ লগতে সৰু সৰু শিলগুটিৰ।
এই গাঁত, লাইন বা শিলগুটি সমুহত পিছলি প্ৰতিদিনেই বহু লোক গুৰুতৰভাৱে আহত হৈছে।
লগতে কোনোজন পংগুও হ’ব লগীয়া হৈছে চিৰদিনৰ বাবে।
ইয়াকে লৈ স্থানীয় ৰাইজ তথা পথটোৰে অহা-যোৱা কৰা লোকসকলে যথেষ্ঠ ক্ষোভ প্ৰকাশ কৰিছে ।