শৰীৰৰ প্ৰতিটো অংগ-প্ৰত্যগংৰ ভিতৰত চকু অন্যতম গুৰুত্বপূৰ্ণ অংগ। চকুজুৰি ভালে ৰাখিবলৈ আমি কিছুমান নিয়ম মানি চলিব লাগে। কিছুমান ভিটামিন যুক্ত খাদ্যই আমাৰ চকুজুৰিৰ সমস্যা নোহোৱাকৈ ৰাখিব পাৰেঁ–
১) স্যালমন মাছ :- (সাগৰীয় মাছ)
এইবিধ খাদ্য চকুৰ বাবে অত্যন্ত উপকাৰী। স্যেলমন মাছত ওমেগা থ্ৰি , ফেটি এচিড থকাৰ বাবে চকুৰ ৰেটিনাৰ বাবে অতি উপকাৰী। এইবিধ খাদ্যখালে ৰেটিনাৰ উপৰিও চকুৰ শুস্কভাৱ দূৰ কৰে।
২) কণী :-
কণী চকুৰ বাবে অত্যন্ত উপকাৰী। কণীত প্ৰচুৰ পৰিমাণে ভিটামিন এ’ , লিউটিন , জেক্সোথিন আৰু জিংক থাকে। বয়স বৃদ্ধিৰ লগে লগে হোৱা চকুৰ সমস্যাৰ এই উপাদান সমূহে সমাধান কৰে। ইয়াৰ ফলত চকুৰ ছানি পৰা ৰোগৰ পৰাও সকাহ পায়।
৩) বাদাম :-
বাদাম , কাঠ বাদাম , কাজু বাদাম আদি যিকোনো বাদাম খোৱা চকুৰ কাৰণে উপকাৰী। এই বাদামবোৰত ভিটামিন ই’ থাকে। নিয়মিত ভাৱে এই খাদ্যবোৰ খালে চকুৰ ছানি পৰা বেমাৰৰ উপৰিও চকুৰ আন সমস্যা সমূহৰ সমাধান হয়।
৪) সুমথিৰা বা নেমু টেঙা :-
সুমথিৰা , নেমু বা আন যি কোনো টেঙাত ভিটামিন চি’ থাকে। নেমুৰ ৰস উলিয়াই বা অন্য টেঙা খালে শৰীৰক ভালে ৰখাৰ উপৰিও চকুৰ ছানি পৰা ৰোগৰ পৰা ৰক্ষা কৰে।
৫) গাজৰ :-
গাজৰ চকুৰ কাৰণে অতি উপকাৰী। গাজৰত ভিটামিন এ’ আৰু বিটা ক্যাৰোটিন থাকে। শৰীৰৰ বাবে উপকাৰী হোৱাৰ লগতে চকুৰ সংক্ৰমণ বা চকুৰ কোনো ডাঙৰ ৰোগৰ পৰা বচাই ৰাখে।