এসময়ত গ্ৰাহকৰ মাজত অত্যাধিক জনপ্ৰিয়তা লাভ কৰা ‘এম্বেছাদৰ’ গাড়ী নিৰ্মাতা কোম্পানী হিন্দুস্তান মটৰ্ছে পুনৰ গাড়ী নির্মাণ কৰিবলৈ আগবাঢ়িছে ৷ অৱশ্যে এইবাৰ হিন্দুস্তান মটৰ্ছে নির্মাণ কৰিব বৈদ্যুতিক বাহন ৷ হিন্দুস্তান মটৰ্ছৰ এজন জ্যেষ্ঠ বিষয়াই বৃহস্পতিবাৰে সংবাদ মাধ্যমক জনোৱা মতে, চি কে বিৰলাৰ মালিকানাধীন গাড়ী নিৰ্মাতা কোম্পানী আৰু এটা ইউৰোপীয় কোম্পানীয়ে প্ৰস্তাৱিত বৈদ্যুতিক দুচকীয়া বাহন প্ৰকল্পৰ বাবে যাৱতীয় সহযোগিতা সম্পূর্ণ কৰিছে ৷ অতি সোনকালে ইউৰোপীয় কোম্পানীটোৰ নাম ঘোষণা কৰিব বুলি তেওঁ সদৰী কৰে ৷
অহা বিত্তীয় বৰ্ষত পশ্চিমবংগত থকা হিন্দুস্তান মটৰ্ছৰ নির্মাণ কাৰখানাত এই বৈদ্যুতিক দুচকীয়া বাহনসমূহ মুকলি কৰাৰ সম্ভাৱনা আছে। বৃহস্পতিবাৰে বিষয়াজনে সংবাদমাধ্যমৰ আগত কয় যে পশ্চিমবংগৰ উদ্যোগটো কেইবাবছৰ ধৰি নিষ্ক্ৰিয় হৈ থকাৰ বাবে ইয়াৰ আধুনিকীকৰণৰ পিছত উৎপাদন আৰম্ভ হ’ব।
বৈদ্যুতিক দুচকীয়া বাহন প্ৰকল্পৰ বাবে সংযুক্ত বিনিয়োগ হ’ব প্ৰায় ৬০০ কোটি টকা ৷ ইয়াৰ পিছত হিন্দুস্তান মটৰ্ছ আৰু ইয়াৰ এতিয়াও প্ৰকাশ নোহোৱা ইউৰোপীয় অংশীদাৰে ইলেক্ট্ৰিক চাৰিচকীয়া বাহন উৎপাদনৰ পৰিকল্পনা কৰিছে ৷যৌথ উদ্যোগটো গঠন হোৱাৰ পিছত উৎপাদন আৰম্ভ কৰিবলৈ প্ৰায় ছমাহৰ প্ৰয়োজন হ’ব। হিন্দুস্তান মটৰ্ছ ভাৰতৰ অন্যতম বৃহৎ অটো নিৰ্মাতা কোম্পানী হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল ৷ ২০১৪ চনত ইয়াৰ উৎপাদন বন্ধ হৈ পৰিছিল ৷