ভ্ৰমণ কৰি আমি সকলোৱে ভাল পাওঁ যদিও প্ৰকৃতাৰ্থত ব্যয়ৰ কথা চিন্তা কৰিয়েই আমি বহুসয়ত ভ্ৰমণৰ চিন্তা পৰিত্যাগ কৰোঁ ৷ কিন্তু কম ব্যয়েৰেও আমি কেতিয়াবা কিছুমান ঠাইলৈ ভ্ৰমণ কৰিবলৈ যাব পাৰোঁ ৷ হয় এইখন ভাৰততে আছে এনে কিছুমান ঠাই মাত্ৰ ১০,০০০টকা ব্যয় কৰিয়েই সেই ঠাইলৈ যাব পাৰে আপুনিও ।
ছিকিম তেনে এখন সৰু সেউজীয়া পাহাৰীয়া চহৰ যি বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকক সদায়েই আকৰ্ষিত কৰে। উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে এই ঠাইলে সৰ্বাধিক পৰ্যটকৰ আগমন ঘটে। অৱশ্যে এই চহৰখনত অৱসৰৰ দিন কটোৱাটো আন ঠাইৰ তুলনাত যথেষ্ট কম ব্যয়বহুল । ছিকিমৰ এনে কেইখনমান বিখ্যাত ঠাই হ’ল গুৰুডংমাৰ হ্ৰদ, লাচুং ভিলেজ, য়ুমথাং ভেলী, চুংথাং, ছেভেন-চিষ্টাৰ্ছ ৱাটাৰ ফলচ ইত্যাদি। মাত্ৰ ৬০০০ টকাৰ পেকেজত আপুনি ৩ৰ পৰা ৭ দিনৰ বাবে সমগ্ৰ ছিকিম ভ্ৰমণ কৰিব পাৰে।
বাৰাণসী ভাৰতৰ এখন ধৰ্মীয় ঠাই যি ঠাইলৈ গ’লে মানুহে প্ৰকৃতাৰ্থত মানসিক শান্তি লাভ কৰে ৷ আনহাতে নিজৰ বাজেট অনুসৰি এই ঠাইত থাকিব আৰু ফুৰিব পাৰে আপুনিও । ইয়াত এক বা দুদিন থকাৰ ব্যয় হৈছে মাত্ৰ ৫০০০-৮০০০ টকা । আনহাতে ইয়াত বহুতো মন্দিৰ দৰ্শন কৰিব পৰা যায় । বাৰাণসীৰ কেইটামান বিখ্যাত ঠাই হৈছে আচি ঘাট, দশশ্বমেধ ঘাট, তুলসী মানসা মন্দিৰ, কাশী বিশ্বনাথ মন্দিৰ, ৰামনগৰ দুৰ্গ আৰু সংগ্ৰহালয় আদি ।
অৰ্ছা মধ্য প্ৰদেশৰ টিকমগড়ত অৱস্থিত। ইয়াত ঐতিহাসিক বহুকেইটা মন্দিৰ আছে ৷ অৰ্ছা সেয়েহে ইয়াৰ ইতিহাসৰ বাবে সমগ্ৰ বিশ্বতে বিখ্যাত। যদি আপুনি বন্ধৰ দিনবোৰত ইয়ালৈ যায় তেন্তে ইয়াত আপুনি ৰাজা মহল, ৰামৰাজ মন্দিৰ, ফুলবাগ, সুন্দৰ প্ৰাসাদ আদি দেখিবলৈ পাব। এই ঠাই পেকেজ নিম্নতম ৮০০০ টকাৰ পৰা আৰম্ভ হয়। য’ত আপুনি ২ ৰ পৰা ৪ দিন দ্বিধাহীনভাৱে ভ্ৰমণ কৰিব পাৰে।
যদি আপুনি উত্তৰৰ পাঞ্জাৱ বা দিল্লীত বাস কৰে তেন্তে চিমলা আপোনাৰ ভ্ৰমণৰ বাবে এক ভাল ঠাই। ইয়াত দুদিন আৰু দুৰাতিৰ এটা পেকেজ ল’ব পাৰি। এই ভ্ৰমণ পেকেজটো মাত্ৰ ৫০০০ টকাৰ ভিতৰত হ’ব পাৰে। ইমান কম ধন ব্যয় কৰি আপুনি চিমলাত ফুৰি , খোৱা-বোৱা কৰি,নিশা কটাই আপোনাৰ অৱসৰৰ দিনকেইটা উদযাপন কৰিব পাৰে ।
কন্যাকুমাৰী দক্ষিণ ভাৰতত অৱস্থিত এখন অতি আকৰ্ষণীয় পাহাৰীয়া ঠাই। ত্ৰিবান্দ্ৰম বাছ ষ্টপৰ পৰা এই ঠাই মাত্ৰ ৮৫ কিলোমিটাৰ দূৰত অৱস্থিত।য’ত আপুনি দক্ষিণ ভাৰতৰ ৰন্ধনপ্ৰণালী উপভোগ কৰিব পাৰে। ইয়াত আপুনি ১০০০০-১২০০০ টকালৈকে ব্যয় কৰি ৩/৪ দিন থাকিব পাৰে। কন্যাকুমাৰীৰ কেইখনমান বিখ্যাত ঠাই হ’ল উদয়গিৰি কিল্লা, বিবেকানন্দ মেম’ৰিয়েল ৰক, পদ্মনাভপুৰম প্ৰাসাদ ইত্যাদি।