চৰকাৰী কার্যালয়ত কাম কৰা মানেই আলাদ্দিনৰ চাকি লাভ কৰে নেকি কর্মচাৰীসকলে ? চৰকাৰী বিষয়া কর্মচাৰীৰ ঘৰলৈ ক’ৰ পৰা আহে লাখে লাখে টকা ? দৰমহাৰ টকাৰে পর্বতসম সা- সম্পত্তি আৰু ঘৰত লাখ লাখ টকা জমা কৰা সম্ভৱনে ? এইসমূহ প্ৰশ্নই এতিয়া ৰাজ্যবাসীৰ মন জোঁকাৰি গৈছে ৷ শেহতীয়াকৈ ডিব্ৰুগড়ৰ জিলা পৰিবহন বিষয়া সঞ্জীৱ হাজৰিকাৰ ঘৰত কেইবা লাখ টকা উদ্ধাৰ কৰাৰ পাছত এইবাৰ এজন এচিএছ বিষয়াৰ ঘৰত উদ্ধাৰ হৈছে নগদ ৪৯ লাখ ২৪ হাজাৰ ৭০০ টকা ৷
উৎকোচ লোৱাৰ সময়ত দুর্নীতি নিবাৰকে হাতেলোটে গ্ৰেপ্তাৰ কৰা এচিএছ বিষয়া কে কে শর্মাৰ বাসগৃহত উদ্ধাৰ হৈছে এই বৃহৎ পৰিমানৰ ধন ৷ অসম চৰকাৰৰ যুটীয়া সচিব হিচাপে কর্মৰত কে কে শর্মাক নিৰাপত্তা প্ৰতিষ্ঠানৰ অনুজ্ঞাপত্ৰ নবীকৰণৰ বাবে ৯০ হেজাৰ টকা উৎকোচ লোৱাৰ সময়ত হাতে লোটে গ্ৰেপ্তাৰ কৰা হৈছিল ৷ ইয়াৰ পাছতে তেওঁৰ ঘৰত চলোৱা তালাচীত ৪৯ লাখৰো অধিক টকা উদ্ধাৰ কৰা হয় ৷ কে কে শর্মাই প্ৰথম নহয়, ইয়াৰ পূর্বে দুর্নীতি নিবাৰকৰ জালত পৰা কেইবাজনো চৰকাৰী কর্মচাৰী-বিষয়াৰ ঘৰত উদ্ধাৰ হৈছিল লাখে লাখে টকা ৷