প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভাৰম্ভনি কৰাৰ পাছত গান্ধীনগৰ-মুম্বাই পথৰ বন্দে ভাৰত এক্সপ্ৰেছ ৰেলখনৰ যাত্ৰাত বিঘিনি এতিয়াও আঁতৰি যোৱা নাই ৷ আজি পুনৰ পুৱা গান্ধীনগৰ-মুম্বাই পথৰ বন্দে ভাৰত এক্সপ্ৰেছ গাড়ীখনে গুজৰাটত এটা ম’হত খুন্দা মাৰে ৷ এয়া হৈছে এমাহৰ ভিতৰত তৃতীয়টো এনে ঘটনা।
এই সংঘৰ্ষৰ পিছত প্ৰায় ১৫ মিনিটৰ বাবে অৰ্ধ-হাই স্পীড ৰে’লখন ৰখাব লগীয়া হৈছে ৷ দূর্ঘটনাটোৰ ফলত ৰেলখনৰ সন্মুখৰ ডবাটোৰ কিছু ক্ষতি হয় ৷
চলিত মাহৰ আৰম্ভণিতে নতুনকৈ মুকলি কৰা ৰে’লখনে প্ৰথমে চাৰিটা ম’হত খুন্দা মৰাৰ এদিন পিছতে গুজৰাটৰ আনন্দ ষ্টেচনৰ সমীপত আন এটা গৰুক খুন্দিয়াই ৷ শেহতীয়াকৈ আজি পুৱা ৮.১৭ বজাত অতুল ৰে’লৱে ষ্টেচনৰ সমীপত সংঘটিত হয় এই সংঘৰ্ষ।
ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে শেহতীয়াকৈ কয় যে গৰু-ম’হৰ সৈতে এনে সংঘৰ্ষ অনিবাৰ্য আৰু ৰে’লখনৰ ডিজাইন কৰাৰ সময়ত এই কথা মনত ৰখা হৈছে।
বন্দে ভাৰত শৃংখলাৰ অধীনত তৃতীয়খন ৰেল হিচাপে পৰিগণিত হোৱা এই ৰে’লখন যোৱা মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্লেগ অফ কৰিছিল তেওঁ ৰেলখনেৰে গান্ধীনগৰৰ পৰা আহমেদাবাদৰ কালুপুৰ ৰে’লৱে ষ্টেচনলৈ যাত্ৰা কৰিছিল।