ৰবাব টেঙা বুলিলে জিভাৰ পানী নোলোৱাকৈ থকা মানুহ হয়’তো খুব কমেই ওলাব। অতি লোভনীয় ৰবাব টেঙা বহুতো ঔষধি গুণেৰে ভৰপুৰ। কেঁচাতে সেউজীয়া আৰু পকিলে হালধীয়া ৰবাব টেঙাৰ বাকলি যথেষ্ট ডাঠ হয়। বাকলি গুচোৱাৰ পিছত ভিতৰৰ অংশ ৰঙচুৱা , সৰু সৰু ফোটা আৰু ৰসেৰে ভৰা। সোৱাদ টেঙা – মিঠা।ৰবাব টেঙা এৰুৱাই লোৱাৰ পিছত নিমখ -জলকীয়া সানি জুতি লগাই খোৱা হয়। ৰবাব টেঙাৰ ৰস উলিয়াই চৰৱত বনাই খাব পাৰি। অতি সোৱাদযুক্ত ৰবাব টেঙাও বহুত ঔষধি গুণেৰে ভৰা-
১) ৰবাব টেঙাৰ ৰস খালে পিয়াহ দূৰ হয়।
২) ৰবাব টেঙাৰ ৰসে শৰীৰত যথেষ্ট শক্তি প্ৰদান কৰে।
৩) শৰীৰ শীতল কৰে আৰু ছাল নিমজ কৰে।
৪) ৰবাব টেঙাৰ ৰস খালে তেজ বৃদ্ধি হয়।
৫) ৰবাব টেঙাৰ ৰসে গেছ নোহোৱা কৰে আৰু পেটৰ বিষ ভাল কৰে।
৬) গ্ৰহনী ৰোগৰ বাবে ৰবাব টেঙাৰ ৰস উপকাৰী।
৭) ৰবাব টেঙা খালে পানী লগা ভাল হয় আৰু কাহ কমি যায়।
৮) ৰবাব টেঙাই ডিঙিৰ বিষ ভাল কৰে।
৯) ৰবাব টেঙাৰ ৰসে খাদ্য হজম হোৱাত সহায় কৰে।
১০) ৰবাব টেঙাৰ ৰস কাণৰ বিষতো উপকাৰী।